• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ফটোখনত থকা ৰঙা বিন্দুটো ২০ ছেকেণ্ড ধৰি চাই থাকক, দেখিব বিশেষ যাদু! ৯৯ শতাংশই হৈছে ফেইল

ফটোখনত থকা ৰঙা বিন্দুটো ২০ ছেকেণ্ড ধৰি চাই থাকক, দেখিব বিশেষ যাদু! ৯৯ শতাংশই হৈছে ফেইল

ছচিয়েল মিডিয়া বৰ্তমান এনে এটা মাধ্যম হৈ পৰিছে য'ত বিভিন্নধৰণৰ চেলেঞ্জ হৈ থাকে।

ছচিয়েল মিডিয়া বৰ্তমান এনে এটা মাধ্যম হৈ পৰিছে য'ত বিভিন্নধৰণৰ চেলেঞ্জ হৈ থাকে।

ছচিয়েল মিডিয়া বৰ্তমান এনে এটা মাধ্যম হৈ পৰিছে য'ত বিভিন্নধৰণৰ চেলেঞ্জ হৈ থাকে।

  • Share this:
ছচিয়েল মিডিয়া বৰ্তমান এনে এটা মাধ্যম হৈ পৰিছে য'ত বিভিন্নধৰণৰ চেলেঞ্জ হৈ থাকে। আনকি বিভিন্ন ধৰণৰ প্ৰৱণতা আৰম্ভ হয় আৰু ইয়াত বহুতে অংশ লয়। কিছুমানে এই প্ৰৱণতা বা প্ৰত্যাহ্বানবোৰ সম্পূৰ্ণ কৰে আনহাতে কিছুমানৰ বাবে ই হৈ পৰে অপ্ৰত্যাশিত। মানুহে ছচিয়েল মিডিয়াত Optical Illusion ফটোৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱায়।

শেহতীয়াকৈ, যাদুকৰ, কণ্টেণ্ট ক্ৰিয়েটৰ ইভানে তেওঁৰ নতুন Optical Illusion নেটিজেনৰ সৈতে শ্বেয়াৰ কৰিছে। ইভানক কাৰ্ড কাউ বুলিও জনা যায়। ইভানে প্ৰায়ে ছচিয়েল মিডিয়াত সাধাৰণ লোকক অদ্ভুত প্ৰত্যাহ্বানৰ চেলেঞ্জ কৰে। কিন্তু এইবাৰ তেওঁ অনা ২০ ছেকেণ্ডৰ প্ৰত্যাহ্বানটোৱে যথেষ্ট কৌতুহলৰ সৃষ্টি কৰিছে।



ইভানে ক'লা আৰু বগা ফিটাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল। এই ছবিখনৰ মাজত এটা ৰঙা বিন্দু আছে। প্ৰত্যাহ্বানটো হ'ল, একেৰাহে বিশ ছেকেণ্ডৰ বাবে এই বিন্দুটোলৈ চাই থাকিব লাগে। এই ছবিখন এতিয়ালৈকে ১৮ নিযুত লোকে চাইছে। কিন্তু কোনেও ইয়াক সম্পূৰ্ণ কৰিব পৰা নাই। এই প্ৰত্যাহ্বানটো সম্পূৰ্ণ কৰিবলৈ আপুনি চকুৰ টিপ নমৰাকৈ একেৰাহে ২০ মিনিট ফটোখনলৈ চাই থাকিব লাগিব।

ছবিখনৰ কমেণ্ট বক্সত মানুহে প্ৰত্যাহ্বানটো সম্পূৰ্ণ কৰাৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। বহুলোকে কৈছে যে, ছবিখন চোৱাৰ পিছত, যেতিয়া তেওঁলোকে নিজৰ ৰুমটোৰ ফালে চকু ঘূৰাইছিল, সকলো বস্তু চলাচল কৰা নিচিনা দেখিছিল। একে সময়তে, বস্তুবোৰ অস্পষ্ট যেন লাগিবলৈ ধৰিছিল। এজন ইউজাৰ্ছে লিখিছিল যে, তেওঁ ছবিখনলৈ ১০ ছেকেণ্ডৰ বাবে চাই আছিল আৰু তেওঁৰ কোঠাত ৰখা গছপুলিটো বাঢ়ি গৈ থকা যেন দেখিছিল।
Published by:Himangshu Bhuyan
First published: