মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Mahendra Singh Dhoni : এইখন ফটোৰপৰা আপুনি বিচাৰি উলিয়াব পাৰিবনে শিশু মহেন্দ্ৰ সিং ধোনিক?

Mahendra Singh Dhoni : এইখন ফটোৰপৰা আপুনি বিচাৰি উলিয়াব পাৰিবনে শিশু মহেন্দ্ৰ সিং ধোনিক?

ধোনিৰ দৃঢ় নেতৃত্বৰ বলতেই ভাৰতে ২০০৭ চনত T-20 বিশ্বকাপ, ২০১১ চনত আইচিচি বিশ্বকাপ, ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল। 

ধোনিৰ দৃঢ় নেতৃত্বৰ বলতেই ভাৰতে ২০০৭ চনত T-20 বিশ্বকাপ, ২০১১ চনত আইচিচি বিশ্বকাপ, ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল। 

ধোনিৰ দৃঢ় নেতৃত্বৰ বলতেই ভাৰতে ২০০৭ চনত T-20 বিশ্বকাপ, ২০১১ চনত আইচিচি বিশ্বকাপ, ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল। 

  • Share this:
ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে বুধবাৰে পূৰ কৰিলে ৪০ বছৰ।কেপ্টেইন কুলৰ জন্মদিন উপলক্ষে আজি তেওঁ ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ সোঁৱৰাৰ লগতে বিভিন্ন ধৰণে পালন কৰিছে জন্মদিন। বহুতেই ছচিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ ছেয়াৰ কৰিছে ধোনিৰ। পিছে জন্মদিনৰ দিনাই ভাইৰেল হৈছে মহেন্দ্ৰ সিং ধোনিৰ শৈশৱৰ এখন ফটো।  ধোনিৰ শৈশৱৰ বিদ্যালয়ৰ এখন গ্ৰুপ ফটো ছেয়াৰ কৰিছে আৰু তাত ধোনি কোনজন চিনাক্ত কৰিবলৈ আহ্বান জনাইছে। এই ফটোখন আজি ভাইৰেল হৈ পৰিছে।

লগে লগে ধোনি কোনজন বিচাৰ উলিয়াই কমেণ্টৰ উপৰি কমেণ্ট কৰিছে অনুৰাগীয়ে।  কোনোবাই যদি কৈছে ওপৰৰ শাৰীত বাও ফালৰ পৰা চতুৰ্থজন, কোনোবাই কৈছে তলৰ শাৰীত সোঁফালে চুকত থকাজন।

এগৰাকী অনুুৰাগীয়ে কৈছে প্ৰথম সাৰীৰ সপ্তমজন। কোনোবা এজনে ৰজীৰ মুকূটৰ ষ্টিকাৰ এটা এজনৰ মূৰত লগাই কৈছে এইজনেই শিশু ধোনি। আৰু এনেদৰেই বহু কমেণ্টেৰে আজি দিনটো ভাইৰেল হৈ থাকিল এই বিশেষ ফটোখন।

এজন অসাধাৰণ অধিনায়ক হোৱাৰ উপৰিও এজন ব্যতিক্ৰমী উইকেটকীপাৰ আছিল ধোনি। এজন সুদক্ষ আৰু সফল ফিনিশ্বাৰ আছিল মহেন্দ্ৰ সিং ধোনি। ধোনিৰ দৃঢ় নেতৃত্বৰ বলতেই ভাৰতে ২০০৭ চনত T-20 বিশ্বকাপ, ২০১১ চনত আইচিচি বিশ্বকাপ, ২০১৩ চনত চেম্পিয়নছ ট্ৰফী আৰু ২০১০ আৰু ২০১৬ চনত এছিয়া কাপ জয় কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়া বাতৰি