আৰোগ্য লাভ কৰা লোকসকলৰ মাজৰ কিছুমান লোক পুনৰ কোভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে, যাৰ ফলত পুনৰ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি হৈছে।
আৰোগ্য লাভ কৰা লোকসকলৰ মাজৰ কিছুমান লোক পুনৰ কোভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে, যাৰ ফলত পুনৰ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি হৈছে।
বিশ্বজুৰি কোৰোণা মহামাৰী (Corona pandemic)ৰ ভয়াৱহতা আছে যদিও ইতিমধ্যে লাখ লাখ লোক কোৰোণা ভাইৰাছ (Corona virus)ৰ পৰা আৰোগ্য লাভ কৰিছে। আৰোগ্য হোৱা লোকসকলৰ মাজৰ বহুতৰে এটা প্ৰাথমিক চিন্তা হৈছে তেওঁলোক কোভিড-১৯ৰ দ্বাৰা পুনৰ সংক্ৰমিত হ'ব পাৰে নেকি? তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকশিত হৈছে নে, আৰু যদি হৈছে তেনেহ’লে এইটো কিমান দিনৰ বাবে? আৰোগ্য লাভ কৰা লোকসকলৰ মাজৰ কিছুমান লোক পুনৰ কোভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে, যাৰ ফলত পুনৰ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি হৈছে।
পুনৰ সংক্ৰমণ সম্ভৱ হয় নে নহয়, আৰু যদি হয়, কিমান সময়ৰ পিছত, এই সম্পৰ্কে বিজ্ঞানীসকলে এতিয়ালৈকে সঠিককৈ ক’ব পৰা নাই। সংক্ৰমিত ব্যক্তি এজন পুনৰ সংক্ৰমণৰ পৰা মুক্ত হয় নে নহয় সেয়াও নিশ্চিত নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (CDC) নতুন নিৰ্দেশনাত শেহতীয়া গৱেষণাৰ পৰা লাভ কৰা কিছু তথ্যৰ আধাৰত এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে।
>> কোভিড-১৯-ৰ পৰা আৰোগ্য হোৱাৰ পিছত এজন ব্যক্তি পুনৰ সংক্ৰমিত হ'ব পাৰেনে?
● হয়, এজন ব্যক্তি পুনৰ সংক্ৰমিত হ'ব পাৰে।
>> যদি ব্যক্তিজন পুনৰ সংক্ৰমিত হয় তেনেহ'লে চিকিৎসা একে হয় নেকি?
● হয়, পুনৰ সংক্ৰমণৰ ক্ষেত্ৰত চিকিৎসা একে হয়।
>> লক্ষণবোৰ একে নেকি?
● লক্ষণ আৰু তীব্ৰতা পৃথক হ'ব পাৰে।
>> আমি পুনৰ সংক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ?
● কোভিড নিয়ন্ত্ৰণ আৰু সংক্ৰমণ কৰিবলৈ বান্ধি দিয়া নিয়মাৱলীসমূহ পালন কৰি পুনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি।
>> এজন ব্যক্তিয়ে দুটা পৃথক ভেকছিন ল'ব পাৰিবনে?
● নহয়, আপুনি ২ টা পৃথক ভেকছিন ল'ব নোৱাৰে।
>> টিকাকৰণৰ পাছতো এজন ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হ’ব পাৰেনে? লক্ষণবোৰ দ্বিতীয়বাৰৰ বাবে একে নেকি?
● সম্পূৰ্ণ টিকাকৰণৰ পিছতো এজন ব্যক্তি কোভিডত আক্ৰান্ত হ’ব পাৰে কিন্তু ই সম্ভৱতঃ এক মৃদু ৰোগ হ'ব আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা খুব কম।
টিকাকৰণৰ পিছত, যদি আপুনি সংক্ৰমিত হয় তেন্তে আপুনি লক্ষণহীন বাহক হোৱাৰ সম্ভাৱনা অধিক যাৰ অৰ্থ হৈছে যে আপোনাৰ ৰোগৰ কোনো লক্ষণ নাই কিন্তু ভাইৰাছটো প্ৰতিহত কৰিবলৈ অব্যাহত থাকিব। সেয়েহে, কোভিড নিয়ন্ত্ৰণ আৰু সংক্ৰমণ কৰিবলৈ বান্ধি দিয়া নিয়মাৱলীসমূহ পালন কৰা অধিক গুৰুত্বপূৰ্ণ কিয়নো ভাইৰাছটো টিকাকৰণ নকৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হ’ব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|