CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ব্যাপক ক্ষতিৰ সন্মুখীন হ’ল সুশান্ত সিং আৰু পৰিণীতি চোপ্ৰা

News18 Assam | News18-Assam
Updated:December 20, 2019, 1:53 PM IST
CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ব্যাপক ক্ষতিৰ সন্মুখীন হ’ল সুশান্ত সিং আৰু পৰিণীতি চোপ্ৰা
Source-Google

প্ৰতিবাদ কৰাৰ বাবেই সুশান্ত সিংক বাহিৰ কৰি দিয়া হ’ল ‘Savdhan India’ৰ পৰা। অন্যহাতে  ‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেচাডৰ পদৰ পৰা বাহিৰ কৰা হ’ল পৰিণীতি চোপ্ৰাক।

  • Share this:
দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে প্ৰতিবাদ। বিতৰ্কিত আইনখন বাতিল কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে সৰ্বস্তৰৰ লোক। বলীউদৰ বহু অভিনেতা অভিনেত্ৰীয়েও বিৰোধ কৰিছে নাগৰিকত্ব সংশোধনী আইন।

কিন্তু আইনখনৰ বিৰোধ কৰাৰ বাবেই ব্যাপক ক্ষতিৰ সন্মুখীন হ’ল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা। বেটী বচাও, বেটী পঢ়াও আঁচনিৰ হাৰিয়ানা চৰকাৰৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কৰ্মৰত পৰিণীতি চোপ্ৰাক পদৰ পৰা আঁতৰাই দিয়ে চৰকাৰে। অন্যহাতে মুম্বাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত নমা টেলিভিশ্বনৰ জনপ্ৰিয় ধাৰাবাহিক ‘Savdhan India’ৰ আঁত ধৰোতা সুশান্ত  সিঙৰ সৈতে থকা চুক্তি হঠাৎ বাতিল কৰে চেনেলটোৰ কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনে এতিয়া দুভাগত বিভক্ত কৰিছে বলীউদ হৃত্বিক ৰোছন, প্ৰিয়ংকা চোপ্ৰা, পৰিচালক অনুৰাগ কাশ্যপ, ফাৰহান আখতাৰ, অভিনেতা ৰিতেশ দেশমুখে তীব্ৰ বিৰোধিতা কৰিছে আইনখনৰ। কিন্তু অমিতাভ বচ্চন, স্বাহৰুখ খান, ছলমান খানে  আইন খনৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নিদিয়াত ছচিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে।
Published by: Himangshu Bhuyan
First published: December 20, 2019, 1:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading