সৰ্বকনিষ্ঠ শ্বুটাৰ অভিনৱৰ অলিম্পিকৰ সপোন আৰু সৰ্বকনিষ্ঠ এণ্ড্ৰইড এপ ডেভলপাৰ ঋষিৰ অনন্য প্ৰতিভা

News18 Assam | News18-Assam
Updated:February 23, 2021, 5:57 PM IST
সৰ্বকনিষ্ঠ শ্বুটাৰ অভিনৱৰ অলিম্পিকৰ সপোন আৰু সৰ্বকনিষ্ঠ এণ্ড্ৰইড এপ ডেভলপাৰ ঋষিৰ অনন্য প্ৰতিভা
BYJU'S Young Geniusৰ পঞ্চম খণ্ডত খেলুৱৈ তথা খে'লো ইণ্ডিয়া য়ুথ গেমচৰ কনিষ্ঠতম স্বৰ্ণ পদক বিজয়ী অভিনৱ শ্বা' আৰু দেশৰ কনিষ্ঠতম এণ্ড্ৰইড এপ্লিকেচন ডেভেলপাৰ ঋষি প্ৰসন্ন।

BYJU'S Young Geniusৰ পঞ্চম খণ্ডত খেলুৱৈ তথা খে'লো ইণ্ডিয়া য়ুথ গেমচৰ কনিষ্ঠতম স্বৰ্ণ পদক বিজয়ী অভিনৱ শ্বা' আৰু দেশৰ কনিষ্ঠতম এণ্ড্ৰইড এপ্লিকেচন ডেভেলপাৰ ঋষি প্ৰসন্ন।

  • Share this:
BYJU'S Young Geniusৰ পঞ্চম খণ্ডত দেখিবলৈ পাব দেশৰ দুগৰাকীকৈ প্ৰতিভাধাৰী শিশুক। যি স্ব-প্ৰতিভাৰে কম বয়সতেই উজলি উঠিয়ে দুটাকৈ ভিন্ন ক্ষেত্ৰত। যিয়ে লাভ কৰিছে বিশেষ স্বীকৃতি। এগৰাকী হৈছে দেশৰ সৰ্বকনিষ্ঠ এণ্ড্ৰইড এপ্লিকেচন বিকাশকাৰী হিচাপে পৰিচিত হৈ পৰা ঋষি শিৱ প্ৰসন্ন আৰু আনগৰাকী হৈছে খেলুৱৈ তথা খে'লো ইণ্ডিয়া য়ুথ গেমছৰ কনিষ্ঠতম স্বৰ্ণ পদক বিজয়ী অভিনৱ শ্বা'।

১৮০ আই কিউৰ সৈতে মেনচা ক্লাবৰ অংশ হোৱা ৬গৰাকী কনিষ্ঠতম ভাৰতীয়ৰ ভিতৰত এজন ঋষি শিৱ প্ৰসন্ন হৈছে দেশৰ সবাতোকৈ কনিষ্ঠতম এণ্ড্ৰইড' এপ্লিকেচন বিকাশকাৰী। যিয়ে গুগল প্লে' ষ্ট'ৰত তিনিটাকৈ এপ ক্ৰমান্বয়ে "IQ Test App", "Countries of world" আৰু CHB বিকাশ কৰিছে। এই অনুষ্ঠানটোত ঋষিৰ মাতৃ ৰেচেশ্বৰী আৰু শিক্ষয়ত্ৰী সৰিতা জন্নাতকো দেখুওৱা হৈছে । য'ত শিক্ষয়ত্ৰী জন্নাতে ঋষিৰ অসাধাৰণ প্ৰতিভা কেনেদৰে বিচাৰি পাইছিল সেই বিষয়ে কৈছিল। তেওঁ কৈছিল "মোৰ এটা শ্ৰেণীৰ পাঠদানৰ সময়ত নৱম শ্ৰেণীৰ ভূগোলৰ পাঠ্যপুঠি আনিছিলো আৰু ঋষিক টি-ৰ মাজেৰে যাবলৈ কৈছিলো আৰু সি অতি সহজে আগ্নেয়গিৰিৰ বিষয়ে সহজে সম্পূৰ্ণৰূপে পঢ়িছিল। তেতিয়া মই অনুভৱ কৰিছিলো যে এই শিশুটো সঁচাকৈ অসাধাৰণ, সি উজ্জ্বল,"।

অনুষ্ঠানটোত ঋষিয়ে কয় "মই চাৰি বছৰ বয়সত মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু কম্পিউটাৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বিকাশ কৰিছিলো আৰু ৫ বছৰ বয়সতে মই কোড কৰিবলৈ শিকিছিলো আৰু মই ইউ ই আৰ এপবোৰ বিকশিত কৰিছো। মই এগৰাকী বিজ্ঞানী হ'ব বিচাৰো যিয়ে বহু লোকক সহায় কৰে আৰু পৃথিৱী মাতৃক সুৰক্ষিত কৰাত সহায় কৰে,"। ঋষিয়ে তেওঁৰ জ্ঞান আৰু দ্ৰুত বুদ্ধিৰে অনুষ্ঠানটোৰ জৰিয়তে আঁতধৰোতা আনন্দ নৰসিংহনক মোহিত কৰিছিল। ঋষিয়ে অনুষ্ঠানটোত তেওঁৰ 'লাৰ্ণ ভিটামিন উইথ হেৰী পটাৰ' কিতাপখনৰ বিষয়েও উল্লেখ কৰাৰ লগতে ভিটামিনৰ গুৰুত্ব ব্যাখ্যা কৰিছিল ।

ইপিনে ঋষিক লৈ তেওঁৰ মাতৃয়ে কয় যে,"যেতিয়া ঋষিয়ে দুবছৰীয়া আছিল, তেতিয়াই তেওঁ ইংৰাজী বাতৰি কাকত, কিতাপ আদি পঢ়িবলৈ আৰম্ভ কৰিছিল আৰু আমি অনুভৱ কৰিছিলো যে ই এটা বিশেষ ইংগিত । যেতিয়া ঋষিৰ শিক্ষকৰ কথাত তেওঁৰ আইকিউ টেষ্ট কৰা হৈছিল তেতিয়া তাৰ আই কিউ ১৮০ হোৱা দেখি আচৰিত হৈছিলো,"।

উক্ত অনুষ্ঠানটোত জুৰীৰ সদস্য হিচাপে উপস্থিত থকা ভাৰতৰ কনিষ্ঠতম হকী অধিনায়ক পদ্মশ্ৰী চৰ্দাৰ সিঙেও ঋষিৰ অসাধাৰণ প্ৰতিভা দেখি আচৰিত হৈ পৰিছিল।

ঋষিয়ে পঢ়িভাল পায় আৰু ২ বছৰ বয়সত পঢ়িবলৈ আৰম্ভ কৰিছিল ৫ বছৰ বয়সলৈ তেওঁ হেৰী পটাৰ কিতাপৰ গোটেই শৃংখলা পঢ়ি শেষ কৰিছিল। তেওঁ আনকি "লাৰ্ণ ভিটামিন উইথ হেৰী পটাৰ" নামৰ এখন কিতাপো লিখিছিল। মাত্ৰ ৫ বছৰ বয়সত তেওঁক কোডিংৰ সৈতে পৰিচয় কৰোৱা হৈছিল । তেওঁ ব্ৰিটিছ মেনচা বাৰ্ষিক সমাবেশৰ অংশ হোৱা কনিষ্ঠতম মেনছানসকলৰ ভিতৰত এজন আছিল, যি ব্ৰিটেইনত ২০১৯ৰ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল।

অন্যহাতে উক্ত অনুষ্ঠানতে আন এগৰাকী প্ৰতিভাৰ আকৰ শিশু ১২ বছৰীয়া অভিনৱ শ্বাক দেখুওৱা হ'ব। যিয়ে ২০১৯ চনত পুনেত অনুষ্ঠিত দ্বিতীয় খে'লো ইণ্ডিয়া ইউথ্ গেমচত স্বৰ্ণ পদক লাভ কৰা সৰ্বকনিষ্ঠ খেলুৱৈৰূপ্ পৰিচিতি লাভ কৰিছিল । তেওঁৰ সাফল্যৰ পাচকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী ২০১৯ত তেওঁৰ 'মান কি বাত' অনুষ্ঠানত অভিনৱক প্ৰশংসা কৰিছিল । সেই বছৰতে দিল্লীত অনুষ্ঠিত X2SS চেথী মেম'ৰিয়েল মাষ্টাৰচেম্পিয়ন ২০১৯ত ৰূপৰ পদক অৰ্জন কৰিছিল অভিনৱে।

অনুষ্ঠানটোত অভিনৱে তেওঁক খেলত ৰাখিবলৈ মাক-দেউতাকে সংগ্ৰাম আৰু খেলুৱৈৰ ৰূপত পুত্ৰত দেখাৰ দেউতাকৰ সপোনৰ বিষয়ে উল্লেখ কৰিছিল। অভিনৱৰ পিতৃ ৰূপেশ, এজন পিষ্টল শ্বুটাৰ আৰু তেওঁ নিজৰ পুত্ৰৰ নাম ভাৰতৰ প্ৰথম আৰু একমাত্ৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ নামত ৰাখিছিল ।

"যেতিয়া মই আঠ বছৰ বয়সত ৰাইফল শ্বুটিং খেলত প্ৰৱেশ কৰিছিলো আৰু মই দেউতাৰ অধীনত মোৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ কৰিছিলো। শ্বুটিঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে মই যোগ অনুশীলন কৰো যিয়ে মোৰ মন শান্ত কৰি ৰাখে । মোৰ লক্ষ্য হৈছে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু সোণৰ পদক জয় কৰা," এনেদৰে কয় অভিনৱে।

অভিনৱে ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ জয় কৰাৰ লগতে খে'লো ইউথ গেমছ কনিষ্ঠতম স্বৰ্ণ পদক বিজয়ী । ২০১৮ চনত তেওঁ ১৮ বছৰৰ তলৰ শ্ৰেণীৰ ত্ৰিবান্দ্ৰম আৰু ২১ বছৰৰ তলৰ শ্ৰেণীত অনুষ্ঠিত ৬২ তম ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ২টাকৈ স্বৰ্ণ পদক লাভ কৰিছিল । যিয়ে তেওঁক ভাৰতৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খ্যাতি প্ৰদান কৰিছে।

লগতে অনুষ্ঠানটোত ২০১২ চনৰ অলিম্পিক পদক বিজয়ী পদ্মশ্ৰী গগন নাৰাংও উপস্থিত আছিল। নাৰাঙে শ্ব'টোত কথা পাতি কেনেকৈ তেওঁ প্ৰথমতে এটা ভাল ৰাইফল পাবলৈ সংগ্ৰাম কৰিছিল আৰু এইটো কেনেকৈ পাচত সেই ৰাইফল তেওঁৰ অংশ পৰিছিল সেই বিষয়ে অৱগত কৰিছিল। অভিনৱে নাৰাঙৰ সৈতে তেওঁৰ ৰাইফলৰ ছেটিঙৰ পৰিৱৰ্তন পৰিচালনা কৰাৰ বিষয়ে কথা পাতিছিল আৰু নাৰাঙে অভিনৱৰ সৈতে মূল্যবান পৰামৰ্শ শ্বেয়াৰ কৰিছিল নাৰাঙে।
First published: February 23, 2021, 5:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি