• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • News18 নেটৱৰ্কে BYJUৰ ইয়ং জিনিয়াছ ছীজন 2ৰ দ্বাৰা ভাৰতৰ পৰৱৰ্তী বিস্ময়কৰ শিশুৰ সন্ধান আৰম্ভ কৰিছে

News18 নেটৱৰ্কে BYJUৰ ইয়ং জিনিয়াছ ছীজন 2ৰ দ্বাৰা ভাৰতৰ পৰৱৰ্তী বিস্ময়কৰ শিশুৰ সন্ধান আৰম্ভ কৰিছে

  • Share this:
আমাৰ প্ৰত্যেকৰে জীৱনত এনে মুহূৰ্ত আহে যেতিয়া আমি যিকোনো প্ৰকাৰে অধিক বুদ্ধিমান হোৱাটো কামনা কৰোঁ। এগৰাকী জিনিয়াছ হ’ব পাৰিলে দৈনন্দিন জীৱন-যাত্ৰা নিশ্চিতভাৱে সুবিধাজনক হ'ব পাৰে। কিন্তু আমি প্ৰায়ে বুজাত ব্যৰ্থ হওঁ যে প্ৰতিভা গঢ় হে দিয়া হয়, জন্মৰে পৰাই তেনে হৈ নাহে। যেতিয়া আমি আমাৰ প্ৰিয় শিল্পীসকলক টিভিত প্ৰদৰ্শন কৰা দেখিবলৈ পাওঁ তেতিয়া আমি দেখা নোপোৱা কথাকেইটা হ'ল- কোনো কামৰ প্ৰতি থকা আবেগ, অতুলনীয় অধ্যৱসায়, আৰু সেই ব্যক্তিজন সেই অৱস্থাত উপনীত হোৱাৰ আগতে কৰা নিৰন্তৰ অনুশীলনৰ পৰিমাণ।

তেন্তে প্ৰকৃততে বিস্ময়কৰ শিশু এটিৰ সংজ্ঞা কি? তেওঁলোক বুদ্ধিমান, নিৰন্তৰ অনুপ্ৰাণিত, অত্যন্ত কৌতূহলী, অত্যন্ত কল্পনাশীল, উদ্ভাৱনী শক্তিৰ গৰাকী আৰু নিশ্চিতভাৱে ৰিস্ক ল'বলৈ সংকোচ নকৰে। কিছুদিন আগতে সমাপ্ত হোৱা টকিঅ' অলিম্পিকত আমি অত্যন্ত জটিল পৃষ্ঠভূমিৰ পৰা অহা উজ্জ্বল স্বদেশী খেলুৱৈসকলৰ দ্বাৰা আন্তৰ্জাতিক মঞ্চত কেইবাটাও সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলোঁ। পুৰুষৰ জেভেলিন থ্ৰ’ত সোণৰ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ আকাংক্ষাৰ যাত্ৰা হাৰিয়ানাৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ হৈছিল। জীৱনৰ জটিল পৰিস্থিতি, বিত্তীয় অসুবিধা আৰু অপৰ্যাপ্ত সুবিধা আদিৰ দৰে বিভিন্ন বাধা অতিক্ৰম কৰি তেওঁ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত এগৰাকী হৈ পৰে। যদি আমি তৃণমূল পৰ্যায়তে বিভিন্ন ক্ষেত্ৰৰ এনে প্ৰতিভাশালী বিস্ময়কৰ শিশু সন্ধান কৰি উলিয়াব পাৰোঁ, তেওঁলোকক সাজু কৰি ৰাজহুৱা মঞ্চত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব পাৰোঁ তেন্তে সমগ্ৰ বিশ্ব নিঃসন্দেহে যথেষ্ট লাভান্বিত হ'ব।

ভাৰতৰ সৰ্ববৃহৎ খবৰৰ নেটৱৰ্ক Network18-য়ে BYJUৰ ইয়ং জিনিয়াছৰ যোগেদি ঠিক সেইটো লক্ষ্যকে প্ৰাপ্ত কৰিবলৈ ওলাইছে। এই প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈছে ভৱিষ্যতে প্ৰতিভাশালী হোৱাৰ সম্ভাৱনা থকা বিস্ময়কৰ শিশুসকলৰ আৱিষ্কাৰ আৰু সম্বৰ্ধনা জনোৱাৰ এক নিৰন্তৰ অভিযান চলাই যোৱা। চিজন 1-ত News18-ৰ সম্পাদক আৰু বিশিষ্ট ব্যক্তিসকলৰ এটা পেনেলৰ দ্বাৰা বাছনি কৰা অনন্য দক্ষতাসম্পন্ন শিশুসকলে চেনেলটোত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল। কিছুমান অতিশয় প্ৰতিভাশালী শিশু যেনে লিডিয়ান নাধাচাৱাৰাম (15), যি চকু বান্ধি প্ৰতি মিনিটত 190 টা বীটৰ গতিত পিয়ানো বজাব পাৰে আৰু মেঘালী মালবিকা (14), যি তেওঁৰ জিনিয়াছ আইকিউৰ বাবে 'গুগল গাৰ্ল অফ ইণ্ডিয়া' হিচাপে জনাজাত- আদিৰ সৈতে এই অনুষ্ঠান আৰম্ভ কৰা হৈছিল। মেনছা সমাজৰ সদস্য, একাধিক এপৰ বিকাশকৰ্তা আৰু এখন কিতাপৰ ৰচক ঋষি শিৱ পি (6) হৈছে 180ৰ এক অবিশ্বাস্য আইকিউৰ অধিকাৰী! অৱন্তিকা কাম্বলী (10) হৈছে 6টা অংকৰ বৰ্গমূলৰ বাবে বিশ্ব ৰেকৰ্ডৰ প্ৰয়াস কৰা আটাইতকৈ কনিষ্ঠ ব্যক্তি আৰু টিলাক কেইচাম (13) হৈছে 'বাৰৰ তলেদি সৰ্বাধিক দূৰত্বৰ লিম্বো স্কেটিং' কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰা শিশু। বিদ্যালয়সমূহত আৰু চৌহদত সজাগতা বিয়পোৱা আৰু উৎপীড়ন হ্ৰাস কৰাৰ লক্ষ্যৰে অনুষ্কা জলীয়ে (12) এণ্টি-বুলিং স্কোৱাড (ABS) নামৰ এক ৱেব প্লেটফৰ্ম নিৰ্মাণ কৰি সামাজিক উদ্যোগী হিচাপে পদক্ষেপ আগবঢ়াইছিল।

এই ব্যতিক্ৰমী প্ৰতিভাশালী শিশুসকল ভাৰতৰ অনেক শিশুৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছিল, ছ’চিয়েল মীডিয়াত 98.4% ইতিবাচক মন্তব্য আৰু সমগ্ৰ দেশৰে দৰ্শকৰ পৰা নতুন ছীজনৰ বাবে নিৰন্তৰ দাবী উঠা দেখিবলৈ পোৱা গৈছিল। প্ৰথম ছীজনৰ এই বিশাল সফলতাৰ পাছত News18 নেটৱৰ্কে ইয়ং জিনিয়াছৰ দ্বিতীয় ছীজনত বিস্ময়কৰ শিশুসকলৰ কাহিনীৰ এক দীঘলীয়া আৰু উন্নত লাইন-আপৰ প্ৰতিশ্ৰুতি দি উভতি আহিছে। অনুষ্ঠানটোৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে:
Network18-ৰ জ্যেষ্ঠ সম্পাদক আৰু এংকৰ আনন্দ নৰসিংহনে আঁত ধৰা এই অনুষ্ঠানটো জানুৱাৰী 2022-ত আৰম্ভ হ'ব আৰু ইয়াত 11 টা খণ্ড অন্তৰ্ভুক্ত থাকিব, য'ত 6 ৰ পৰা 15 বছৰ বয়সৰ প্ৰায় 20 জন শিশু প্ৰতিভাধৰ মগজুৰ গৰাকীক বিভিন্ন ক্ষেত্ৰ, যেনে কলা, শিক্ষা, প্ৰযুক্তি, ব্যৱসায়, ক্ৰীড়া আদিত প্ৰদৰ্শন কৰিবলৈ দি সন্মানিত কৰা হ'ব। প্ৰতিটো খণ্ডই এক আকৰ্ষণীয় দৰ্শনৰ অভিজ্ঞতা প্ৰস্তুত কৰিব কিয়নো এই শিশু আৰু কিশোৰ প্ৰতিভাৰ সৈতে ভাৰতৰ কিছু প্ৰসিদ্ধ ব্যক্তিয়েও যোগ দিব যি এই বিস্ময়কৰ শিশুসকলৰ অসামান্য সফলতাক প্ৰশংসা কৰাই নহয়, লগতে তেওঁলোকৰ গৌৰৱোজ্বল পথৰ স্মৃতিও সহভাগ কৰিব।

যদি আপুনি এই অনুষ্ঠানৰ বাবে আগ্ৰহী, অনুগ্ৰহ কৰি https://www.news18.com/younggenius/ লৈ যাওক আৰু পঞ্জীয়ন প্ৰপত্ৰখন পূৰণ কৰক। এই প্ৰাৰম্ভিক দাখিলকৰণৰ পিছত এক বহু-পৰ্যায়ৰ মূল্যাংকন প্ৰক্ৰিয়াৰ বাবে শিশুটোৰ প্ৰতিটো বিৱৰণ প্ৰাপ্ত কৰাৰ বাবে এক বিতং প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ উপৰিও, আপুনি BYJUৰ এপটো ডাউনল’ড কৰিব পাৰে আৰু BYJUৰ ইয়ং জিনিয়াছ শাখাত পঞ্জীয়ন কৰিব পাৰে।

যদি আপুনি আপোনাৰ শিশুটিৰ প্ৰতিভা আৱিষ্কাৰ কৰি বিকশিত কৰাৰ চেষ্টা কৰি আছে, তাৰ গুপুত ৰহস্যটো হৈছে তেওঁলোকক নিজৰ ভালপোৱা কামটো অনুসৰণ কৰিবলৈ দি তাত সাৰ-পানী যোগাই অধিক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰা। এই অনন্য মঞ্চখন কিছু উজ্জ্বল শিশু প্ৰতিভাক স্বীকৃতি দিবলৈ আৰু ভৱিষ্যতৰ প্ৰজন্মক ডাঙৰ সপোন ৰচিবলৈ আৰু তেওঁলোকৰ নিৰ্বাচিত ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰিবলৈ উৎসাহিত কৰিবলৈ সাজু হৈছে। আমাৰ প্ৰত্যেকৰে মাজতে প্ৰতিভা লুকাই আছে আৰু ইয়ং জিনিয়াছৰ যোগেদি News 18 নেটৱৰ্কে সমগ্ৰ দেশৰ শিশু/কিশোৰ মাষ্টাৰমাইণ্ডসকলক জিলিকিবলৈ সুযোগ দি সেয়া জাগ্ৰত কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছে।
First published: