প্ৰধানমন্ত্ৰী মোদীৰ সৈতে একাপ চাহ খোৱাৰ সুযোগ! কি কৰিব লাগিব?

আয়কৰ সংগ্ৰহ বৃদ্ধি কৰাৰ অভিনৱ পদক্ষেপ কেন্দ্ৰ চৰকাৰৰ।

news18
Updated:June 3, 2019, 4:09 PM IST
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে একাপ চাহ খোৱাৰ সুযোগ! কি কৰিব লাগিব?
ফাইল ফটো
news18
Updated: June 3, 2019, 4:09 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে একাপ চাহ খোৱাৰ সপোন পূৰণ হ’ব পাৰে আপোনাৰ। দেশৰ ৰাইজৰ বাবে এই সুযোগ প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে। দৰাচলতে আয়কৰ আদায় দিয়া লোকসকলক উৎসাহিত কৰিবৰ কাৰণে মোদী চৰকাৰে গ্ৰহণ কৰিছে এই অভিনৱ আঁচনি। টেক্স পেয়াৰ্চ সকলক উৎসাহ দিবলৈ এই আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী অথ‍বা বিত্তমন্ত্ৰীৰ সৈতে একাপ চাহৰ সোৱাদ লোৱাৰ সুযোগ লাভ কৰিব সৰ্বাধিক আয়কৰ আদায় দিয়া ব্যক্তিয়ে।

নিজকে এগৰাকী চাহৱালা বুলি পৰিচয় দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত গ্ৰহণ কৰা এই অভিনৱ পদ্ধতিৰে অধিকসংখ্যক লোকক আয়কৰ আদায় দিবলৈ উৎসাহ প্ৰদান কৰা হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে আয়কৰ বেছিকৈ আদায় দিয়া লোকক নন মনিটেৰী বহু ইন্সেনটিভ আদায় ইতিমধ্যে দি আছে চৰকাৰে।

আয়কৰ সংগ্ৰহ বৃদ্ধিৰ লক্ষ্য

মিন্টৰ প্ৰতিবেদন মতে, বিশেষজ্ঞ সকলে কৈছে যে চৰকাৰে এই প্ৰয়াসৰ জৰিয়তে আয়কৰ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰিছে। দ্বিতীয়টো কাৰ্যকালত নৰেন্দ্ৰ মোদী চৰকাৰে আয়কৰ ব্যৱস্থাক অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্য গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰকাৰে বাজেটত ডাঙৰ ঘোষণা কৰাৰো সম্ভাৱনা।

ইয়াৰ আগতেও নৰেন্দ্ৰ মোদীয়ে আয়কৰ দাতাক কৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আহিছে। কিন্তু প্ৰধানমন্ত্ৰীৰ সৈতে একাপ চাহ খাবলৈ পোৱাৰ এই আঁচনিয়ে চৰকাৰৰ আয়কৰ সংগ্ৰহ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়ালৈকে আয়কৰ বিভাগে সকলোতকৈ অধিক আয়কৰ প্ৰদান কৰা লোকক এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট প্ৰদান কৰি আহিছে।

৩১ মাৰ্চত বিত্তীয় বৰ্ষৰ সামৰণিত প্ৰত্যক্ষ কৰ সংগ্ৰহ চৰকাৰৰ সংশোধিত লক্ষ্যতকৈও কম হোৱাৰ বাবে চৰকাৰে এই আইডিয়া গ্ৰহণ কৰিছে। চৰকাৰে বিগত বিত্তীয় বৰ্ষত ১২লাখ কোটি কৰ সংগ্ৰহ কৰিছে।

উল্লেখযোগ্য যে দ্বিতীয়টো কাৰ্যকালত চৰকাৰে উন্নয়নমূলক বহু আঁচনি গ্ৰহণ কৰিছে আৰু ইয়াৰ কাৰণে তেওঁলোকক যথেষ্ট পূঁজিৰ প্ৰয়োজন। চৰকাৰে এতিয়া কৃষকসকলক কৃষক সন্মান নিধিৰ সুফল প্ৰদান কৰিব বিচাৰিছে। ইয়াৰ প্ৰভাৱ চৰকাৰী ৰাজকোষত পৰিব আৰু চৰকাৰে কৰ সংগ্ৰহৰ দ্বাৰা এই খৰচৰ ক্ষতিপূৰণ কৰিব বিচাৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি