সোণ ১৫০০ টকা পৰ্যন্ত সস্তাতে কিনাৰ সুবিধা, পাব এই ৩টা লাভ!

চৰকাৰৰ এক স্কীমৰ জৰিয়তে আপুনি বজাৰ মূল্যতে কম দামত কিনিব পাৰিব সোণ। ছভেৰেইন গল্ড বণ্ডৰ নতুন ছিৰিজ আজি অৰ্থাৎ সোমবাৰে মুকলি কৰে। এই স্কীমৰ দ্বাৰা ৯ আগষ্টলৈকে সোণ কিনিব পাৰিব আপুনি

News18-Assam
Updated:August 5, 2019, 4:30 PM IST
সোণ ১৫০০ টকা পৰ্যন্ত সস্তাতে কিনাৰ সুবিধা, পাব এই ৩টা লাভ!
চৰকাৰৰ এক স্কীমৰ জৰিয়তে আপুনি বজাৰ মূল্যতে কম দামত কিনিব পাৰিব সোণ। ছভেৰেইন গল্ড বণ্ডৰ নতুন ছিৰিজ আজি অৰ্থাৎ সোমবাৰে মুকলি কৰে। এই স্কীমৰ দ্বাৰা ৯ আগষ্টলৈকে সোণ কিনিব পাৰিব আপুনি
News18-Assam
Updated: August 5, 2019, 4:30 PM IST
যদিহে আপুনি কম মূল্যতে সোণ ক্ৰয় কিনাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনালৈ এটা ভাল খবৰ। কিয়নো চৰকাৰৰ এক স্কীমৰ জৰিয়তে আপুনি বজাৰ মূল্যতে কম দামত কিনিব পাৰিব সোণ। ছভেৰেইন গল্ড বণ্ডৰ নতুন ছিৰিজ আজি অৰ্থাৎ সোমবাৰে মুকলি কৰে। এই স্কীমৰ দ্বাৰা ৯ আগষ্টলৈকে সোণ কিনিব পাৰিব আপুনি। চৰকাৰে ছভেৰেইন গল্ড বণ্ড আঁচনিৰ নতুন ছিৰিজৰ বাবে প্ৰতিগ্ৰাম সোণৰ দাম ৩,৪৯৯ টকা নিৰ্ধাৰণ কৰিছে। ৩ আগষ্টৰ হিচাপ অনুসৰি প্ৰতিগ্ৰাম সোণৰ বজাৰ মূল্য আছিল ৩,৬৭৪ টকাহে। অৰ্থাত্‍ প্ৰতিগ্ৰাম সোণ ১৭৫ টকা কম দামত কিনিব পাৰিব আপুনি। উল্লেখনীয় আন এক কথা যে গল্ড বণ্ডত প্ৰৱেশ কৰিলে লাভ কৰিব সুদ। আনহাতে অনলাইনৰ জৰিয়তে ক্ৰয় কৰিলে ৫০ টকা পৰ্যন্ত ৰেহাই পাব আপুনি।

অনলাইন পেমেণ্ট কৰিলে পাব বিশেষ ৰেহাই
বিত্ত মন্ত্ৰালয়ে কয় যে ভাৰত চৰকাৰে RBIৰ পৰামৰ্শ মতে অনলাইন আৱেদন বা পেমেণ্ট কৰিলে দিলে মুঠ মূল্যতকৈ ৫০ টকা প্ৰতিগ্ৰামত ৰেহাই দিছে।

লাভ কৰিব ২.৫ শতাংশ বাৰ্ষিক সুদ
স্কীম অনুসৰি ইনিচিয়েল ইনভেচমেণ্ট কৰিলে ২.৫ শতাংশ বাৰ্ষিক সুদ লাভ কৰিব আপুনি।
আৰু চাওক পৰৱৰ্তী বাতৰি