প্ৰতিজন ভাৰতীয়ই ভোটদানৰ বিষয়ে জানিবলগীয়া কথা

১৭তম দেশৰ লোকসভা নিৰ্বাচনত আছে ৯০০ মিলিয়ন ভোটাৰ । এই নিৰ্বাচনক চিহ্নিত কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰ ৰূপত । ইয়াৰ মাজতে ভাৰতবৰ্ষত চেষ্টা কৰা হৈছে ১০০ শতাংশ ভোটদান সম্ভৱ কৰি তুলিবলৈ । দেশৰ  অধিকাংশ লোকৰ বাবে ৰাজনীতি এতিয়াও এক জটিল ছবি হলেও দৰিদ্ৰতা, বৃদ্ধৰ বাবে কৰণীয়, শিক্ষা, নূন্যতম সুবিধা, পৰিবেশ সংৰক্ষণ, কৃষি আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰো দায়িত্ব আছে ।

news18
Updated:May 8, 2019, 8:31 PM IST

Updated: May 8, 2019, 8:31 PM IST

ইতিমধ্যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম ৫ টা পৰ্য্যায় সমাপ্ত হৈছে তথাপিও যি সকলে ভোটদান কৰিবলৈ এতিয়াও বাকী আছে তেওঁলোকে তলৰ এই ৫ টা কথা মনত ৰখাটো দৰকাৰ।

১.ভোটদান মানে হল নিজৰ বাবে থিয় হোৱা । আপুনি দেশৰ প্ৰগতিৰ কথা চিন্তা কৰে , যদি আপুনি নিজৰ ব্যক্তিগত কাৰণৰ বাবে ভোটদান সাব্যস্ত নকৰে তেন্তে কোনে কৰিব ?

২.নিৰ্বাচন আৰু চৰকাৰ হল ৰাইজৰ বাবে,ৰাইজৰ দ্বাৰা, ৰাইজৰ কৰ্তৃত্ব । গতিকে গণতন্ত্ৰত অংশগ্ৰহনৰ ক্ষেত্ৰত যিয়ে বাধা দিয়াৰ চেষ্টা কৰিছে সেয়া ৰাইজেই বন্ধ কৰিব লাগিব ।
৩.ইন্টাৰনেটে এতিয়া সকলো সহজলভ্য কৰিছে । যদি আপুনি বুজা নাই দেশত কিদৰে কাম চলিছে,আপোনাৰ প্ৰাৰ্থী কোন আৰু কাৰ বাবে কাম কৰে– তেতিয়াহ’লে আপুনি নিজক শিক্ষিত কৰাৰ সময় এয়া । পঢ়ক, নিজৰ পৰিয়াল আৰু বন্ধু সকলক সোধক, হট লাইনত কল কৰক আৰু বাতৰি চাওঁক । সচেতন ভোটাৰ হোৱা এতিয়া আগতকৈ সহজ –ইয়াত কোনো অজুহাত নাখাটে ।
৪.যদিও বহু নৱ প্ৰজন্মৰ প্ৰতিনিধি আগতীয়া ভোটাধিকাৰৰ বাবে অপাৰগ , কিন্তু তেওঁলোকে নিজৰ ভৱিষ্যতৰ বাবে নিজক সচেতন কৰাটো প্ৰয়োজনীয় । ভোটদান হ’ল তেঁও লোকৰ সাংবিধানিক অধিকাৰ । তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে তেওঁলোকৰ বাবে ভৱিষ্যতে ল’ব লগীয়া সিদ্ধান্ত বোৰে তেওঁলোকক প্ৰভাৱিত কৰিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লবৰ বাবে ই উপযুক্ত কাৰক হিচাপে চিহ্নিত হব ।
৫.বিশ্বত এতিয়াও এনে বহুত দেশ আছে য’ত ৰাইজৰ দ্বাৰা চৰকাৰ নিৰ্বাচন কৰাৰ কোনো সুবিধা নথকাৰ লগতে ভোট দিয়াৰো অধিকাৰ নাথাকে । ভোটাধিকাৰ এক প্ৰকাৰৰ অধিকাৰ লগতে এক বিশেষাধিকাৰ যিটোৱে আমাৰ পূৰ্বপুৰুষ সকলৰ জয়ৰ বাবেও যুঁজ।

পৰৱৰ্তী পৰ্যায়ৰ ভোটদান অহা ১২ মে’ তাৰিখে হব । আশা কৰা হৈছে পূৰ্বৰ পৰ্যায়ৰ তুলনাত ভোটদানৰ হাৰ বৃদ্ধি পাব । ২৩ মে’ত ঘোষণা কৰা হ’ব ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ফলাফল । প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ আৰু আমাৰ ভৱিষ্যতৰ কাৰণে জৰুৰী । নিজৰ ভোট সাব্যস্ত কৰি নিজৰ কণ্ঠ প্ৰতিধ্বনিত কৰক ।

Button Dabao Desh Banao হৈছে Network18ৰ প্ৰয়াস, আগবঢ়াইছে RP-Sanjiv Goenka Group–এ, প্ৰতিজন ভাৰতীয়ক ভোট দিবলৈ আহ্বান জনাই এই আহ্বান । ছচিয়েল মিডিয়াত এই বিষয়ত সবিশেষ জানিব পাৰিব, ব্যৱহাৰ কৰক #ButtonDabaoDeshBanao ।
আৰু চাওক পৰৱৰ্তী বাতৰি