বাৰ্ষিক ১০ লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰিছে মোদী চৰকাৰে, আৰম্ভ কৰক এই ব্যৱসায়

যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ বিনিয়োগ আৰু লাভৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিনিয়োগৰ লগতে লাভৰ মাত্ৰাও বেছি হোৱা এনে এক কি ব্যৱসায় আছে? আহক জানো।

Dulu Medhi | news18assam
Updated:June 3, 2019, 12:18 PM IST
বাৰ্ষিক ১০ লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰিছে মোদী চৰকাৰে, আৰম্ভ কৰক এই ব্যৱসায়
যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ বিনিয়োগ আৰু লাভৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিনিয়োগৰ লগতে লাভৰ মাত্ৰাও বেছি হোৱা এনে এক কি ব্যৱসায় আছে? আহক জানো।
Dulu Medhi | news18assam
Updated: June 3, 2019, 12:18 PM IST
যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ বিনিয়োগ আৰু লাভৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিনিয়োগৰ লগতে লাভৰ মাত্ৰাও বেছি হোৱা এনে এক ব্যৱসায়ৰ বিষয়ে জনাম আমি। এই ব্যৱসায় চৰকাৰৰ এমএছএমই স্কীমৰ লগত সংযুক্ত, ইয়াৰ দ্বাৰা ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব সহায়–সহযোগিতা। এই ব্যৱসায়ৰ জৰিয়তে বাৰ্ষিক ১০ লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰিব মোদী চৰকাৰে।

আৰম্ভ কৰক এই ব্যৱসায়

ট্ৰেণ্ডী আৰু ষ্টাইলিছ ফুটৱে’ৰৰ চাহিদা যথেষ্ট। ফুটৱে’ৰৰ বৃদ্ধি হোৱা চাহিদাৰ বাবে এই ছেক্টৰত আপুনি নিজৰ কেৰিয়াৰ গঠন কৰিব পাৰে। অৰ্থাৎ আপুনি ফুটৱে’ৰৰ মেনুফেকচাৰিং ইউনিট আৰম্ভণিৰে উপাৰ্জন কৰিব পাৰে ধন। মানুহে আকোৱালি ল’লে আপোনাৰ ব্যৱসায় সফল হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই ব্যৱসায়ৰ বাবে চৰকাৰে মুদ্ৰা স্কীমৰ আধাৰত আপোনাক সহায়–সহযোগিতাও আগবঢ়াব।



প্ৰ’জেক্ট কাষ্ট কি?
ফুটৱে’ৰৰ মেনুফেকচাৰিঙৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োজন হ’ব ৪১.৩২ লাখ টকা। কিন্তু ইয়াত আপুনি আপোনাৰ তৰফৰ পৰা মাত্ৰ ১৬.৩২ লাখ টকাহে বিনিয়োগ কৰিব লাগিব।

>> মাটি- ৪ লাখ টকা

>> বিল্ডিং- ৮ লাখ টকা
>> প্লাণ্ট আৰু মেচিনাৰী– ১৯,৮৫,৯৯০ টকা
>> ইলেকট্ৰিফিকেচন– ৯৬,৬১০ টকা
>> প্ৰি অ’পৰেচন খৰচ– ৩৫,০০০ টকা
>> অন্যান্য খৰচ– ৩৩,০০০ টকা
>> বেকিং কেপিটেল– ৭,৮১, ৪৫০ টকা
>> সৰ্বমুঠ– ৪১,৩২,০৫০ টকা

ঋণেৰে সহায় কৰিব চৰকাৰে
বেকিং কেপিটেল ঋণঃ ৩ লাখ টকা
টাৰ্ম ঋণঃ ২২ লাখ টকা
মুদ্ৰা স্কীমৰ আধাৰত যিকোনো বেংকৰ পৰা লাভ কৰিব এই ঋণ

এনেদৰে হ’ব লাভ
১৬.৩২ লাখ টকাৰ বিনিয়োগত যি হিচাপ প্ৰস্তুত তৈয়াৰ কৰা হৈছে, সেই হিচাপত মাহিলী উপাৰ্জন ৯,০৭,০৫০ টকা হোৱাৰ সম্ভাৱনা
>> কাষ্ট অব প্ৰডাকছন- ৮,২৬,০৮০ টকা মাহিলী
>> নেট প্ৰ’ফিট- ৮০,৯৭০ টকা মাহিলী
>> বাৰ্ষিকী বিক্ৰী- ১০৮.৯০ লাখ টকা
>> বাৰ্ষিকী লাভ- ৯.৭২ লাখ টকা

কেনেদৰে কৰিব ঋণৰ আবেদন
ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ আধাৰত আপুনি যিকোনো বেংকত আবেদন জনাব পাৰিব। ইয়াৰ বাবে আপুনি এখন পত্ৰ পূৰণ কৰিব লাগিব, য’ত দিব লাগিব সবিশেষ তথ্য– নাম, ঠিকন, বিজেনেছ আৰম্ভ কৰাৰ ঠিকনা, শিক্ষা, বৰ্তমানৰ উপাৰ্জন আৰু ঋণৰ পৰিমান। এই প্ৰক্ৰিয়াত কোনোধৰণৰ প্ৰছেছিং ফিছ বা গেৰেণ্টা ফিছ দিব নালাগে। ঋণৰ পৰিমান ৭ বছৰত ঘূৰাই দিব পাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি