ব্যৱসায় কৰাৰ মন নেকি? ঘৰতে বহি আৰম্ভ কৰক এই ব্যৱসায়, মোদী চৰকাৰে দিব ২.৫০ লাখ

News18-Assam
Updated:November 20, 2019, 12:14 PM IST
ব্যৱসায় কৰাৰ মন নেকি? ঘৰতে বহি আৰম্ভ কৰক এই ব্যৱসায়, মোদী চৰকাৰে দিব ২.৫০ লাখ
চলিত বিত্তীয় বৰ্ষত মোদী চৰকাৰে এই ব্যৱসায়টোৰ বাবে ২.৫০ লাখ টকা সাহাৰ্য আগবঢ়াইছে। লগতে প্ৰতিমাহে বিক্ৰীত লাভ হ’লে ১৫ শতাংশ ইঞ্চেণ্টিভো আগবঢ়াইছে

চলিত বিত্তীয় বৰ্ষত মোদী চৰকাৰে এই ব্যৱসায়টোৰ বাবে ২.৫০ লাখ টকা সাহাৰ্য আগবঢ়াইছে। লগতে প্ৰতিমাহে বিক্ৰীত লাভ হ’লে ১৫ শতাংশ ইঞ্চেণ্টিভো আগবঢ়াইছে

  • News18 Assam
  • Last Updated: November 20, 2019, 12:14 PM IST
  • Share this:
যদি আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো আপোনাৰ বাবে ডাঙৰ সুবিধা হ’ব। আপুনি কেন্দ্ৰীয় চৰকাৰৰ সহায়ত জনঔষধী কেন্দ্ৰ খুলিব পাৰে।  এই ব্যৱসায়ত সবাতোকৈ লাভজনক কথা এইটোৱেই হ’ব যে, মোদী চৰকাৰে এই ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক দিব ২.৫০ লাখ টকাৰ আৰ্থিক সাহায্য। ইতিমধ্যে সমগ্ৰ দেশতে এতিয়ালৈকে ৫৫০০ তকৈও অধিক জনঔষধী কেন্দ্ৰ খোলা হৈছে।
কেনেকৈ হ’ব লাভ



জনঔষধী কেন্দ্ৰৰ জৰিয়তে ঔষধ বিক্ৰী কৰা সকলক ২০ শতাংশ লাভৰ লগতে প্ৰতিমাহে বিক্ৰীত অতিৰিক্ত ১৫ শতাংশ ইঞ্চেণ্টিভো দিয়া হয়। ইঞ্চেণ্টিভৰ অধিকতম সীমা ১০ হাজাৰ টকা।


জনঔষধী কেন্দ্ৰ কোনে পাৰিব খুলিব?



চৰকাৰে জনঔষধী কেন্দ্ৰ  ৩ ধৰণে খুলিব পৰা ব্যৱস্থা কৰিছে।

১. যিকোনো ব্যক্তি, সংস্থাপন নোপোৱা ফাৰ্মাচিষ্ট, চিকিৎসক, পঞ্জীয়নকৃত মেডিকেল প্ৰেক্টিচনাৰে জনঔষধী কেন্দ্ৰ খুলিব পাৰে।

২. ট্ৰাষ্ট, NGO, ব্যক্তিগত চিকিৎসালয়, চচায়িটী আৰু SHG গ্ৰুপেও জনঔষধী কেন্দ্ৰ খুলিব পাৰে।

৩. ৰাজ্য চৰকাৰৰ ফালৰ পৰা নমিনেট কৰা এজেঞ্চীও খুলিব পাৰে জনঔষধী কেন্দ্ৰ।


প্ৰধানমন্ত্ৰী জনঔষধী কেন্দ্ৰ খুলিবলৈ ১২০ বৰ্গফুট এৰিয়াত দোকান খোলাতো জৰুৰী। কেন্দ্ৰ খোলা সকলক চৰকাৰৰ তৰফৰ পৰা ৯০০ বিধ ঔষধ দিয়া হ’ব।


লগতে পঢ়ক

আৰু চাওক পৰৱৰ্তী বাতৰি