বাছৰ ‘কণ্ডাক্টৰ’ চাকৰি কৰা যুৱক আজি IPS অফিচাৰ!

এখন মহাবিদ্যালয়ৰ বাছত ‘কণ্ডাক্টৰ’ চাকৰি কৰা এম শিৱাসুব্ৰমণিয়ে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰতে চলাইছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি!

News18-Assam
Updated:July 31, 2019, 5:23 PM IST
বাছৰ ‘কণ্ডাক্টৰ’ চাকৰি কৰা যুৱক আজি IPS অফিচাৰ!
Source-Google
News18-Assam
Updated: July 31, 2019, 5:23 PM IST
আত্মবিশ্বাস আৰু মনোৱল থাকিলে যিকোনো লোকেই পৰিশ্ৰমৰ মাজেৰে অসাধ্যও সাধন কৰিব পাৰে, তাৰ বাবে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে দৰিদ্ৰতা! এগৰাকী দৰিদ্ৰ ব্যক্তি, জীৱন নিৰ্বাহৰ বাবে তেঁও এখন মহাবিদ্যালয়ৰ বাছত কণ্ডাক্টৰৰ চাকৰি কৰিছিল, কিন্তু লোকজনৰ আছিল এবাৰ UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সপোন। SSN কলেজ অৱ ইঞ্জিনিয়েৰিঙৰ বাছত কণ্ডাক্টৰ চাকৰি কৰা সুব্ৰমণিয়ে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰতে চলাই গৈছিল কেন্দ্ৰীয় অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি!

নিজৰ চাকৰিৰ লগতে এনেদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই ২০১৭ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল এম শিৱাসুব্ৰমণি । এতিয়া সুব্ৰমণিক উৰিষ্যাৰ মাওবাদীয়ে সৃষ্টি কৰা ত্ৰাস নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে দিছে নতুনকৈ দায়িত্ব।

বিভিন্ন সময়ত বলীউডৰ তাৰকা সকল, ক্ৰিকেটাৰ সকলৰ জীৱন সংগ্ৰাম বা সফলতাৰ আঁৰৰ কাহিনী শুনা যায়। দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ জীৱন সংগ্ৰাম এতিয়াও সকলোৰে মুখে মুখে, কিন্তু সুব্ৰমণি দৰে লোকসকলৰ জীৱন সংগ্ৰামৰ কাহিনীও কাৰোৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে, সুব্ৰমণিৰ জীৱন সংগ্ৰামৰ বিষয়ে জানি বিভিন্ন জনে সপোন দেখিব পাৰে জীৱনতো আকৌ এবাৰ নতুনকৈ সঁজোৱাৰ!
আৰু চাওক পৰৱৰ্তী বাতৰি