আগন্তুক বাজেটত চৰকাৰে অনলাইন শ্বপিঙৰ ক্ষেত্ৰত জাৰি কৰিব পাৰে নতুন নিয়ম!

গ্ৰাহকৰ বাবে অধিক সহজ হ’ব অনলাইন শ্বপিঙ প্ৰক্ৰিয়া। উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে ই–কমাৰ্চ প্ৰতিষ্ঠানৰ বাবে জাৰি কৰিব Exchange, Return আৰু Refundৰ নতুন নিৰ্দেশনা

news18assam
Updated:June 9, 2019, 4:30 PM IST
আগন্তুক বাজেটত চৰকাৰে অনলাইন শ্বপিঙৰ ক্ষেত্ৰত জাৰি কৰিব পাৰে নতুন নিয়ম!
গ্ৰাহকৰ বাবে অধিক সহজ হ’ব অনলাইন শ্বপিঙ প্ৰক্ৰিয়া। উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে ই–কমাৰ্চ প্ৰতিষ্ঠানৰ বাবে জাৰি কৰিব Exchange, Return আৰু Refundৰ নতুন নিৰ্দেশনা
news18assam
Updated: June 9, 2019, 4:30 PM IST
দেশত এতিয়া সহজ হৈছে অনলাইন শ্বপিং প্ৰক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰৰ উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে অতি সোনকালে ই–কমাৰ্চ প্ৰতিষ্ঠানবোৰৰ বাবে জাৰি কৰিব এক্সেঞ্জ, ৰিফাণ্ড আৰু ৰিটাৰ্ণৰ নতুন নিৰ্দেশনা। ইয়াৰ লগতে দেশৰ উপযুক্তা ফ’ৰামৰ আধুনিকীকৰণ কৰিব চৰকাৰে। চৰকাৰ গঠনৰ পিছত এতিয়া উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে হাতত লৈছে ১০০ দিনৰ কাৰ্যপন্থা।



কি আছে এই ১০০ দিনৰ এজেণ্ডাত

১. দেশৰ প্ৰতিটো উপভোক্তা ফ’ৰাম আধুনিকীকৰণ কৰা হ’ব
২.সকলো বিপনীত থকা কম্পিউটাৰ  সলনি কৰা হ’ব
৩. দালিৰ ৰ দামত নিয়ন্ত্ৰণ কৰিবলৈ বাফ’ৰ ষ্ট’কৰ পৰিকল্পনা কৰিছে মন্ত্ৰণালয়ে
৪. ১৬ লাখ টনৰ বাফ’ৰ ষ্ট’কৰ পৰিকল্পনা

৫.অনলাইন শ্বপিঙৰ বাবে নতুন গাইডলাইন
৬.Exchange, Return আৰু Refundৰ বাবে নতুন নিৰ্দেশনা
৭.উপভোক্তা প্ৰৰিক্ৰমা মন্ত্ৰণালয়ৰ বাবেও নতুন গাইডলাইন
৮.যি ই–কমাৰ্চ প্ৰতিষ্ঠানে গ্ৰাহকক প্ৰতাৰণা কৰিব তাৰবাবেও নতুন ব্যৱস্থা বলবৎ কৰা হ’ব

১০০ দিনৰ ভিতৰত এই পৰিকল্পনা কাৰ্যকৰী ৰূপ দিবলৈ চেষ্টা কৰিব দেশৰ উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি