Budget 2019: কৃষকৰ বাবে মোদী চৰকাৰৰ নতুন প্লেন!

দেশৰ কৃষি সংকট দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে সাজু কৰিছে এখন ব্যয়বহুল আচঁনি!

News18-Assam
Updated:June 28, 2019, 2:29 PM IST
Budget 2019: কৃষকৰ বাবে মোদী চৰকাৰৰ নতুন প্লেন!
দেশৰ কৃষি সংকট দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে সাজু কৰিছে এখন ব্যয়বহুল আচঁনি!
News18-Assam
Updated: June 28, 2019, 2:29 PM IST
ভাৰতবৰ্ষত চলি থকা কৃষি সংকট দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰাকৰে আৰম্ভ কৰিব এখন নতুন জনমুখী আঁচনি। এই আচঁনিখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদন একত্ৰিত কৰিবলৈ হোম ডেলিভাৰী ষ্টাৰ্টআপক উৎসাহ যোগাব। লগতে গঠন কৰিব ১০,০০০ কৃষক উৎপাদক সংগঠন আৰু যিসকল লোক কৃষিৰ লগত জড়িত নহয়, তেওঁলোককো লগত লৈ হাইৱেত National Warehousing Network নিৰ্মাণ কৰিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৫ জুলাইত দাখিল কৰিবলগীয়া বিত্তীয় বাজেটত এই আচঁনিখনৰ আনুসাংগিক কিছু ঘোষণা কৰাৰ সম্ভাৱনা আছে।  ইয়াৰ লগতে কৃষকৰ ডাইৰেক্ট মাৰ্কেটিংৰ কাৰণে এক নতুন ম’বাইল এপ নিৰ্মাণ কৰা, মাছ আৰু  aquatic ফাৰ্মিংৰ বাবে এক পৃথক ফাণ্ড, কৃষিজাত সামগ্ৰী উৎপাদনৰ বাবে ভিলেজ ষ্ট’ৰেজ স্কীম আৰু ফাৰ্মিংৰ বাবে গাৱৰ অব্যৱহৃত কৃষি ভূমি ,কৃষিৰ উপযোগী কৰি তুলিবলৈ এক বিশেষ আচঁনি হাতত ল’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি