কম দিনৰ ভিতৰতে কেইবাটাও আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বাবলিৰ সফলতা
কম দিনৰ ভিতৰতে কেইবাটাও আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বাবলিৰ সফলতা
সৌন্দৰ্য চৰ্চাৰ যোগেদি আইকনিক ইণ্ডিয়ান পাৰ্ছনেলিটী উইনাৰ এৱাৰ্ড ২০২২ৰ খিতাপ লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁৱৰ বাবলি হাজৰিকা (Bubli Hazarika)ই। নগাঁও চহৰৰ ডিমৰুগুৰি নিবাসী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী লক্ষী হাজৰিকা আৰু ৰেৱতী হাজৰিকাৰ কন্যা বাবলি হাজৰিকাই সৌন্দৰ্য চৰ্চাৰ যোগেদি পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অৰ্জন কৰিছে "আইকনিক ইণ্ডিয়ান পাৰ্ছনেলিটী উইনাৰ এৱাৰ্ড ২০২২।
সৰুৰে পৰা সৌন্দৰ্য চৰ্চাৰ প্ৰতি আগ্ৰহী বাবলিয়ে শেহতীয়াকৈ সৌন্দৰ্য চৰ্চাৰ জগতখনৰ লগত জড়িত হৈ নিজৰ প্ৰতিভাৰ ফলত অতি কম দিনৰ ভিতৰতে ফৰএভাৰ মিছ ইণ্ডিয়া ২০২১, নেচনেল অ'মেন প্ৰাইড এৱাৰ্ড, এম টি ভি ইণ্ডিয়াৰ পৰা ইণ্ডিয়া ষ্টাৰ কমিউনিটী এৱাৰ্ড ২০২২, মিচেছ নগাঁও, মিচেছ আছাম, অল আছাম বিউটী কনটেষ্ট বেষ্ট টেলেণ্ট এৱাৰ্ডৰ দৰে বহু খিতাপ অৰ্জন কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
অসমীয়া ছবি জগতত খোজ দিবলৈ আগ্ৰহী বাবলিয়ে কেইটাও অফাৰ লাভ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ সৌন্দৰ্য চৰ্চাৰ যোগেদি আগবাঢ়িব বিচৰা যুৱতী সকলক সৌন্দৰ্য চৰ্চাৰ ভাল দিশ সমূহ আকোৱালি লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|