আমি সকলোৱে সেই মুহূৰ্তবোৰৰ সন্মুখীন হৈছো যেতিয়া বিয়াৰ ফটোগ্ৰাফাৰসকলে স্পষ্ট শ্বট পাবলৈ অতি ওচৰ চাপি যায়, বিশেষকৈ যেতিয়া এজনে খাই থাকে বা নাচি থাকে। কিন্তু, এইবাৰ কথাটো অলপ বেলেগ আছিল। এজন ফটোগ্ৰাফাৰে বিয়াৰ দৃশ্যগ্ৰহণৰ সময়ত কইনাৰ বেছি ওচৰলৈ যোৱাৰ বাবে দৰাই চৰ মাৰিছিল। হয়, এই ঘটনাটো কেমেৰাত বন্দী কৰা হৈছিল আৰু ফেচবুকত শ্বেয়াৰ কৰা হৈছিল য'ত এজন কেমেৰামেনক মঞ্চত কইনা আৰু দৰাৰ ফটো তুলিবলৈ চেষ্টা কৰা দেখা যায়। অৱশ্যে, দুয়োজনৰ একেলগে এটা বা দুটা শ্বটৰ পিছত, ফটোগ্ৰাফাৰে দৰাক আঁতৰি যাবলৈ কয় আৰু কইনাৰ ফটো তুলিবলৈ আৰম্ভ কৰে। এই সকলোবোৰৰ মাজত, ফটোগ্ৰাফাৰজন কইনাগৰাকীৰ অলপ ওচৰলৈ যায় যিয়ে দৰাক ক্ৰোধান্বিত কৰে আৰু তেওঁ চৰ মাৰে।
কিন্তু তাৰ পিছত হোৱা এই ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কেমেৰাপাৰ্ছনজন দৰাই চৰ মৰাৰ লগে লগে, কইনাই হাঁহি ৰখাব নোৱাৰিলে আৰু মজিয়াত বহি বহি হাঁহিয়েই থাকিল। অৱশ্যে এই ঘটনাৰ পিছত দৰা আৰু ফটোগ্ৰাফাৰ দুয়োজনেই হাঁহি থকা পৰিলক্ষিত হয়।
অৱশ্যে, এই Videoৰ ৰহস্যটো পৰিষ্কাৰ কৰা হৈছে ! 'কইনা'ই নিজেই ভাইৰেল ভিডিঅ'টোৰ প্ৰতি সঁহাৰি জনাইছিল - প্ৰকাশ কৰিছিল যে ক্লিপটো প্ৰকৃততে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ অংশ। ছত্তীশগড়ৰ অভিনেত্ৰী আনিকৃতি চৌহানে লিখিছিল, "এইটো মোৰ চিনেমা শ্বুটৰ এটা ভিডিঅ"।
এই পুৰণি ভিডিঅ'টো এতিয়াও ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু বিভিন্নজনে Videoটো শ্বেয়াৰ কৰা দেখা যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|