মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video: জেতুকা বুলোৱা হাতত গাড়ীৰ ষ্টীয়াৰিং, দৰাক কাষৰ ছীটত বহুৱাই শহুৰৰ ঘৰত সোমাল কইনা, ভিডিঅ' ভাইৰেল

Viral Video: জেতুকা বুলোৱা হাতত গাড়ীৰ ষ্টীয়াৰিং, দৰাক কাষৰ ছীটত বহুৱাই শহুৰৰ ঘৰত সোমাল কইনা, ভিডিঅ' ভাইৰেল

News18 Assam | News18-Assam
Updated:August 29, 2021, 1:42 PM IST
Viral Video: জেতুকা বুলোৱা হাতত গাড়ীৰ ষ্টীয়াৰিং, দৰাক কাষৰ ছীটত বহুৱাই শহুৰৰ ঘৰত সোমাল কইনা, ভিডিঅ' ভাইৰেল
উত্তৰ কাশ্মীৰৰ বাৰামূলাৰ এই দম্পতীয়ে দুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছে। ফৈয়জ নামৰ এজন যুৱকে ছচিয়েল মিডিয়াত ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

উত্তৰ কাশ্মীৰৰ বাৰামূলাৰ এই দম্পতীয়ে দুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছে। ফৈয়জ নামৰ এজন যুৱকে ছচিয়েল মিডিয়াত ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

  • Share this:
বিয়া ঘৰ মানেই হাঁহি-তামাছাৰ থলী। তাৰ মাজতেই যদি ঘটে নাটকীয় ঘটনা, আনন্দ হয় দুগুণ। একো অদ্ভুত নঘটিলে যেন বিয়াৰ আনন্দই পানী হৈ যায়! এনে এক ঘটনা সংঘটিত হ'ল এখন বিয়াত।

ভাইৰেল হোৱা ভিডিঅ' (Viral Video)টো হৈছে কাশ্মীৰৰ। ইয়াত দৰা-কাইনা (Bride-Groom)ই যি কৰিছে সকলোৱে দেখি অবাক! ভিডিঅ'টোত দেখা গৈছে কইনাৰ বিদায়ৰ পিছতে কইনাই দৰাৰ গাড়ীৰ চালকৰ আসনত বহিছে, দৰা বহিছে কাষৰ আসনত। জানিব পৰা মতে পিতৃ গৃহৰ পৰা বিদায় লৈ নিজে গাড়ী  চলাই শহুৰৰ ঘৰত প্ৰৱেশ কৰিলে এইগৰাকী কইনাই।



জানিব পৰা মতে উত্তৰ কাশ্মীৰৰ বাৰামূলাৰ এই দম্পতীয়ে দুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছে। ফৈয়জ নামৰ এজন যুৱকে ছচিয়েল মিডিয়াত এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

Published by: Manjumoni Borah
First published: August 29, 2021, 1:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি