মাহৰ টাৰ্গেট চাগৈ পূৰণ নহ’ল! বিয়াৰ দিনাও লেপটপত কাম কৰাত ব্যস্ত কইনা, ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:July 4, 2020, 5:24 PM IST
মাহৰ টাৰ্গেট চাগৈ পূৰণ নহ’ল! বিয়াৰ দিনাও লেপটপত কাম কৰাত ব্যস্ত কইনা, ভিডিঅ’ ভাইৰেল
ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে ভিডিঅ’

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে ভিডিঅ’

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে বহু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীয়ে এতিয়া ঘৰৰ পৰাই কৰি আছে অফিচিয়েল কাম-কাজ। ইয়াৰ পূৰ্বেও হয়তো কিছু সংখ্যকে বিশেষ পৰিস্থিতিত পৰি ‘ৱৰ্ক ফ্ৰম হোম’ কৰিবলগীয়া হৈছিল। কিন্তু কেতিয়াবা ৱৰ্ক ফ্ৰম ষ্টেজৰ বিষয়ে শুনিছেনে? যদি শুনা নাই, তেন্তে কোনো কথা নাই। এখন বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ষ্টেজত এগৰাকী কইনাই লেপটপ লৈ অফিচৰ কাম কৰা দেখা গ’ল।



ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে কইনাগৰাকীয়ে ষ্টেজৰ ওপৰত লেপটপলৈ কাম কৰি থকা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে, কইনাই লেপটপত কাম কৰি আছে আৰু এখন হাতত ম’বাইল লৈ আছে। দেখাত এনে লাগিছে যে, ফোনত কোনোৱে কইনাক ইনষ্ট্ৰাকশ্যন দি আছে আৰু সেই মতে কাম কৰিছে কইনাজনীয়ে। কাষতে বহি চাই ৰৈছে দৰাই।



এতিয়া এনেদৰেই ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। বহুতে বিভিন্ন ধৰণৰ ধেমেলীয়া সূচক মন্তব্য কৰিছে ভিডিঅ’ দেখি।  একাংশই কৈছে অফিচত কামৰ হেঁচা বেছি হৈছে। অন্য একাংশই কৈছে আকৌ কইনাৰ মাহৰ টাৰ্গেট পূৰণ নহ’ল!
First published: July 4, 2020, 2:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading