হাত দুখন নাই তথাপি উদ্যমেৰে দিলে পৰীক্ষা আৰু ফলাফল...

আন দহজন ছাত্ৰৰ সৈতে পৰীক্ষাত বহা এইজন ছাত্ৰ পিছে দহজনতকৈ ব্যতিক্ৰম। তেওঁৰ দুয়োখন হাতেই নাই, তথাপি প্ৰৱল হেঁপাহ আৰু উদ্যেমেৰ ভৰিৰে লিখি পৰীক্ষা দিলে বিক্ৰমে।

news18assam
Updated:May 10, 2019, 12:39 PM IST
হাত দুখন নাই তথাপি উদ্যমেৰে দিলে পৰীক্ষা আৰু ফলাফল...
আন দহজন ছাত্ৰৰ সৈতে পৰীক্ষাত বহা এইজন ছাত্ৰ পিছে দহজনতকৈ ব্যতিক্ৰম। তেওঁৰ দুয়োখন হাতেই নাই, তথাপি প্ৰৱল হেঁপাহ আৰু উদ্যেমেৰ ভৰিৰে লিখি পৰীক্ষা দিলে বিক্ৰমে।
news18assam
Updated: May 10, 2019, 12:39 PM IST
প্ৰকাশ অধিকাৰীঃ বিক্ৰম ভট্টৰায়, ছিকিমৰ চামা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইজন ছাত্ৰ এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল। আন দহজন ছাত্ৰৰ সৈতে পৰীক্ষাত বহা এইজন ছাত্ৰ পিছে দহজনতকৈ ব্যতিক্ৰম। তেওঁৰ দুয়োখন হাতেই নাই, তথাপি প্ৰৱল হেঁপাহ আৰু উদ্যেমেৰ ভৰিৰে লিখি পৰীক্ষা দিলে বিক্ৰমে। ফলাফল ওলোৱাত দেখা গ’ল বিক্ৰমে কেৱল উত্তীৰ্ণ হোৱাই নহয় শতকৰা ৭২শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ১৬বছৰীয়া বিক্ৰমৰ জন্মৰ পৰাই হাত দুখন নাই কিন্তু তেওঁ কঠোৰ সাধনাৰে দুই ভৰিৰে সকলো কাম কৰাৰ কৌশল আয়ত্ব কৰি  লৈছে। প্ৰত্যাহ্বানক কেতিয়াও সপোন পূৰণৰ বাটত হেঙাৰ হ’বলৈ দিয়া নাই বিক্ৰমে।

বিশেষভাৱে সক্ষম বিক্ৰমৰ সফলতাত অত্যন্ত সুখী আৰু গৰ্বিত পিতৃ–মাতৃ। চামা লিংগডম গাঁৱৰ জানুকা আৰু নৰপতি ভট্টৰায়ৰ সন্তান বিক্ৰমৰ অভিভাৱকৰ মেধাৱী পুত্ৰৰ সপোন এদিন তেওঁ ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ হ’ব।  দ্বাদশ শ্ৰেণীৰ কাৰণে তেওঁ বাছনি কৰা বিষয়সমূহ হৈছে পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু অংক।

অভিভাৱকেও সম্পূৰ্ণ সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে বিক্ৰমক,

বিক্ৰম সৰুৰে পৰা উজ্জল সম্ভাৱনাৰ ছাত্ৰ, শাৰীৰিক বাধাগ্ৰস্ততাৰ পিছতো কেতিয়াও তেওঁ থমকি ৰোৱা নাই।  দিব্যাংগ সন্তান জন্ম পোৱাৰ বাবে এইখন গাঁৱৰ মানুহে এদিন আমাক ককৰ্থনা কৰিছিল, কৈছিল আমাৰ কাৰণে সি কুলক্ষণীয়া হ’ব। আজি সেইবোৰ মানুহেই বিত্ৰমক প্ৰশংসা কৰি তত নাপায়।


নিজৰ অদম্য প্ৰয়াসৰ কাৰণে ২০১০চনত বিক্ৰমক মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে বিশেষ বঁটাৰে সন্মানিত কৰিছিল। খোৱা–বোৱা, পঢ়া–শুনা, ম’বাইল ব্যৱহাৰ কৰাৰ পৰা সকলো কাম বিক্ৰমে ভৰিৰে কৰিব পাৰে। বিক্ৰমৰ মতে তেওঁৰ পৰিয়ালেই তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি।

মোৰ পৰিয়াল মোৰ আটাইতকৈ ডাঙৰ শক্তি আৰু সাহস। মোক তেওঁলোকে অনুপ্ৰাণিত কৰি, দিক দৰ্শন কৰি মোৰ সৈতে সদায় থিয় হৈ আহিছে। মই মোৰ পিতৃ–মাতৃক এদিন গৰ্বিত কৰিব বিচাৰো।


বিক্ৰমক লৈ পিতৃ–মাতৃয়ে নহয় সকলো এতিয়াঅ গৰ্বিত, বিধাতাই সদায় ভাল কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি