• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ঘৰতে বহি দিয়ক এটা মিছ কল আৰু লাভ কৰক ৰন্ধন গেছৰ চিলিণ্ডাৰ...

ঘৰতে বহি দিয়ক এটা মিছ কল আৰু লাভ কৰক ৰন্ধন গেছৰ চিলিণ্ডাৰ...

ফাইল ফটো

ফাইল ফটো

নতুন বছৰৰ প্ৰথম দিনটোতে আহিল এটা ভালখবৰ।

  • Share this:
নতুন বছৰৰ প্ৰথম দিনটোতে আহিল এটা ভালখবৰ। এতিয়াৰ পৰা ঘৰতে বহি এটা মিছ কলৰ জৰিয়তে বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই সুবিধা প্ৰদান কৰিছে ইণ্ডিয়ান অইলে। ৮৪৫৪৯-৫৫৫৫৫ নম্বৰত মিছ কল দিলেই বুক হৈ যাব আপোনাৰ চিলিণ্ডাৰ। কিন্তু ৰেজিষ্টাৰ্দ মোবাইল নম্বৰৰ পৰাহে দিব পাৰিব মিছ কল। আনহাতে হোৱাটছ এপৰ জৰিয়তেও বুকিং কৰিব পাৰিব চলিণ্ডাৰ। ইয়াৰ বাবে ইণ্ডিয়ান অইলে ৭৫৮৮৮৮৮৮২৪ নম্বৰ নিৰ্ধাৰণ কৰি দিছে।

ইফালে এছ  এম এছৰ জৰিয়তেও বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ বাবে আপোনাৰ ৰেজিষ্টাৰ্দ মোবাইল নম্বৰৰ পৰা ৭৭১৮৯-৫৫৫৫৫- নম্বৰলৈ মেছেজ কৰিও বুকিং কৰিব পাৰিব চিলিণ্ডাৰ। সেইদৰে ইণ্ডিয়ান অইলৰ এপৰ জৰিয়তেও বুকিং কৰিব পাৰিব চিলিণ্ডাৰ।

উল্লেখ্য যে, এজেঞ্চীত ভিৰ হ্ৰাস কৰিবলৈ এই সুবিধা প্ৰদান কৰিলে ইণ্ডিয়ান অইল কৰ্তৃপক্ষই।
Published by:Himangshu Bhuyan
First published: