Amitabh-Rekha: হঠাৎ অমিতাভ বচ্চনৰ ফটো দেখি এই অদ্ভূত প্ৰতিক্ৰিয়া ৰেখাৰ! Viral Video...

ফাইল ফটো
কোৱা হয় যে ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেমৰ সম্পৰ্ক ১৯৭৬ চনত ছবি “ড’ আনজানে”(Do Anjaane)ৰ ছেটৰ পৰা আৰম্ভ হৈছিল । কিন্তু সেইসময়ত বিবাহিত আছিল অমিতাভ বচ্চন ৷
- News18 Assam
- Last Updated: April 6, 2021, 12:22 PM IST
শেহতীয়াকৈ ৰেখাৰ এটা পুৰণি ভিডিঅ' পুনৰ ভাইৰেল হৈ পৰিছে । দৰাচলতে এই ভিডিঅ'টোত হঠাৎ অমিতাভ বচ্চনৰ ফটো দেখি ৰেখাৰ অদ্ভুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যি বন্দী হৈছিল কেমেৰাত ৷ লগতে ভিডিঅ'টোত হঠাৎ অমিতাভৰ ফটো দেখি ৰেখাই কিছু অস্বস্তিবোধ কৰা যেন পৰিলক্ষিত হৈছিল ।
যিহেতু ৰেখা হৈছে বলীউডৰ এগৰাকী চিৰসেউজ অভিনেত্ৰী । আজিও অমিতাভ বচ্চনৰ সৈতে সম্পৰ্কৰ কাহিনীবোৰে তেওঁৰ পিছ এৰা নাই ৷ ৰেখা আৰু অমিতাভ যদিও পৃথক হৈছিল, কিন্তু তেওঁলোকৰ সম্পৰ্কৰ সেই কথাবোৰ আজিও ভিন্ন কাৰণতেই সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰে । তেনে এক ঘটনাই সংঘটিত হৈছিল ২০১৯ৰ কেলেণ্ডাৰ মুকলিৰ এক অনুষ্ঠানৰ সময়ত, য'ত উপস্থিত হৈছিল ৰেখা আৰু অনুষ্ঠানটো আছিল বিখ্যাত ফটোগ্ৰাফাৰ ডাব্বু ৰতনানীৰ কেলেণ্ডাৰ মুকলিৰ অনুষ্ঠান ।
View this post on Instagram
উল্লেখ্য যে , ৰেখাই অলপতে 'ইণ্ডিয়ান আইডল ছিজন ১২'ৰ অনুষ্ঠানত উপস্থিত হৈছিল। য’ত ৰেখাই অনুষ্ঠানটোৰ আঁতধৰোতা জয় ভানুশালীৰ সৈতে বিবাহিত পুৰুষক মৰম কৰাৰ কথা কোৱা দেখা গৈছিল । দৰাচলতে, প্ৰতিযোগী চেলেৰ দেউতাকৰ নামত লৈ জয়ে নেহা কক্কৰক জোকাই ৰেখাক সুধিছিল, “আপুনি কেতিয়াবা এগৰাকী মহিলাক ইমান পাগল হোৱা দেখিছে নে, সেয়াও এজন বিবাহিত পুৰুষৰ বাবে।” জয়ৰ এই প্ৰশ্নৰ উত্তৰ দি ৰেখাই লগে লগে কৈছিল, “মোক সোধক।” ৰেখাৰ উত্তৰ শুনি অনুষ্ঠানটোৰ আঁতধৰোতাগৰাকীৰ লগতে সকলো এক মুহূৰ্তৰ বাবে স্তম্ভিত হৈ পৰিছিল ।