নিশাৰ টোপনি এৰিব নোৱাৰে বলীউদৰ খিলাড়ীয়ে, যাৰ বাবে বলীউদ পাৰ্টীলৈ নাযায় অক্ষয় কুমাৰ।
বলীউদৰ 'খিলাড়ী' খ্যাত অক্ষয় কুমাৰ হৈছে এনে এগৰাকী অভিনেতা, যাৰ আৰ্কষণীয় ফিটনেছে মন মোহিত কৰি আহিছে সকলোৰে। অভিনেতাগৰাকীৰ ফিটনেছৰ বাবে তেওঁ প্ৰতি সময়তে অনুৰাগীসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে। সামাজিক মাধ্যমত অতি সক্ৰিয় অভিনেতাগৰাকীক শেহতীয়াকৈ কেইবাখনো নতুন ছবিত দেখিবলৈ পোৱা যাব। অক্ষয় কুমাৰ হৈছে বলীউদৰ এনে এগৰাকী ছুপাৰষ্টাৰ, যিয়ে এবছৰত কেইবাখনো ছবিৰ বাবে কৰা স্বাক্ষৰৰ বাবেও জনাজাত। এফালে য'ত বহুতো তাৰকাই বছৰত এখন বা দুখন ছবিতহে কাম কৰাৰ পলিচী ৰাখে, তাৰ বিপৰীতে কিন্তু অক্ষয় কুমাৰক তেওঁলোকৰ তুলনাত আন বহুতো ক্ষেত্ৰতে পৃথক হোৱা দেখা যায়। শেহতীয়াকৈ অক্ষয় কুমাৰে প্ৰকাশ কৰিছে যে তেওঁ বলীউদ পাৰ্টীবোৰলৈ (Bollywood Parties) নাযায়, লগতে তেওঁ ইয়াৰ আঁৰৰ কাৰণো ব্যাখ্যা কৰিছে।
দৰাচলতে, শেহতীয়াকৈ অক্ষয় কুমাৰৰ এটা পুৰণি ভিডিঅ' ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। য'ত তেওঁক কপিল শৰ্মাৰ কমেডি শ্ব'ত দেখা গৈছে। অক্ষয়ৰ উপৰিও অভিনেত্ৰী কৃতি কুলহাৰী, তাপসী পান্নু আৰু সোনাক্ষী সিনহাকো ভিডিঅ'টোত দেখা গৈছে।
ভিডিঅ'টোত কপিল শৰ্মাই অক্ষয় কুমাৰত এনেদৰে কোৱা দেখা গৈছে, 'আপোনাৰ বিষয়ে এটা উৰাবাতৰি আছে যে আপুনি পাৰ্টীলৈ নাযায় কাৰণ তেতিয়া আপুনিও তেওঁলোকক পাৰ্টী দিব লাগিব। এয়া উৰা বাতৰি নে সঁচা?' অক্ষয় কুমাৰে লগে লগে উত্তৰত কয় এনেদৰে, 'এয়া সঁচা।’ যি শুনি ছেটৰ সকলোৱে হাঁহিবলৈ আৰম্ভ কৰে।
অৱশ্য়ে এয়াই প্ৰথম বাৰৰ বাবে নহয় যে অক্ষয় কুমাৰে আগতে বলীউদ পাৰ্টীত উপস্থিত নথকাৰ কাৰণ দিছিল। তেওঁ এবাৰ কৰণ জোহৰৰ অনুষ্ঠানত কৈছিল, 'মই মোৰ টোপনিক ভাল পাওঁ আৰু মই পুৱাটো উপভোগ কৰিবলৈ ভাল পাওঁ। যিসকলে মোক পাৰ্টীলৈ মাতিছিল তেওঁলোকে জানে যে মই সোনকালে যাম কাৰণ মই শুব লাগিব। আৰু লগতে মই জনাই দিওঁ যে মই নাইট শ্বিফ্ট একেবাৰেই পছন্দ নকৰো।
লক্ষ্যণীয় যে শীঘ্ৰেই ছুপাৰষ্টাৰ অক্ষয় কুমাৰক 'ৰক্ষা বন্ধন', 'বচ্চন পাণ্ডে', 'পৃথ্বীৰাজ' আৰু 'ৰাম সেতু'ৰ দৰে ছবিত দেখিবলৈ পোৱা যাব। ইপিনে অক্ষয়ৰ ছবি 'বেলবটম'ৰ মুক্তিৰ তাৰিখো ইতিমধ্যে জাৰি কৰা হৈছে। তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'বেলবটম' ২৭ জুলাইত মুক্তি লাভ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|