Anushka Sharma's Audition : ‘থ্ৰী ইডিয়টছ’ৰ বাবে অনুষ্কা শৰ্মাই কিদৰে দিছিল অডিচন, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:April 30, 2021, 10:38 AM IST
Anushka Sharma's Audition : ‘থ্ৰী ইডিয়টছ’ৰ বাবে অনুষ্কা শৰ্মাই কিদৰে দিছিল অডিচন, চাওক ভিডিঅ’
২০০৯ চনত মুক্তি পাইছিল ‘থ্ৰী ইডিটছ’। কিন্তু ছবিখনত সুযোগ নাপালে অনুষ্কাই।

২০০৯ চনত মুক্তি পাইছিল ‘থ্ৰী ইডিটছ’। কিন্তু ছবিখনত সুযোগ নাপালে অনুষ্কাই।

  • Share this:
তেওঁ অনুষ্কা শৰ্মা (Anushka Sharma)। তাতে কি হ’ল? বলীউদত কাম পাবলৈ নায়ক–নায়িকাসকলৰ মাজত চলে প্ৰতিদ্বন্দ্বিতা। এখন বিগ বাজেটৰ ছবি পাবলৈ বহু কষ্ট কৰিবলগীয়া হয়। সেয়া লাগিলে যিমান ডাঙৰ তাৰকাই নহওক কিয়। ঠিক সেইদৰেই আমিৰ খানৰ ‘থ্ৰী ইডিয়টছ’ (3 Idiots) ছবিৰ বাবে অডিচন দিছিল অনুষ্কা শৰ্মাই।

২০০৯ চনত মুক্তি পাইছিল ‘থ্ৰী ইডিটছ’। কিন্তু ছবিখনত সুযোগ নাপালে অনুষ্কাই। আমিৰ খানৰ বিপৰীতে দেখা গৈছিল কৰিনা কাপুৰক। এই অডিচনৰ পাঁচ বছৰ পিছত অৱশেষত ৰাজকুমাৰ হিৰানী আৰু আমিৰৰ সৈতে কাম কৰাৰ সুযোগ আহে অনুষ্কালৈ। ‘পিকে’ ছবিখনত অভিনয়ৰ সুযোগ লাভ কৰে অনুষ্কাই। কেনেকুৱা আছিল ‘থ্ৰী ইডিয়টছ’ৰ বাবে অনুষ্কাই দিয়া সেই অডিচন? সম্প্ৰতি ভাইৰেল হৈছে সেই ভিডিঅ’।

ভিডিঅ’ত দেখা গৈছে সেউজীয়া ৰঙৰ এটা টি–ছাৰ্ট পিন্ধি কেমেৰাৰ সন্মুখত ‘মুন্নাভাই এমবিবিএছ’ ছবিৰ সংলাপ কৈছে অনুষ্কাই। অনুষ্কা শৰ্মাৰ এটা ফেন পেজে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।










View this post on Instagram






A post shared by nushkie♡ (@anushka.loops)




কিন্তু চেতন ভগতে লিখা ‘ফাইভ পইণ্ট ছামৱান : হোৱাট নট টু ডু এট আইআইটি’ গল্পৰ আধাৰত নিৰ্মিত ‘থ্ৰী ইডিয়টছ’ ছবিত সুযোগ পোৱা নাছিল অনুষ্কাই। পিছত সেই সুযোগ আহিছিল ৫ বছৰ পিছত। ছুপাৰ ডুপাৰ হিট ‘পিকে’ ছবিত অভিনয় কৰাৰ সুযোগ পায় অনুষ্কাই।
Published by: Sanjay Kumar Das
First published: April 30, 2021, 10:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি