কোৰোণাৰ ভয়াৱহতাৰ সময়তে বিশ্বত বিয়পি পৰিছে অন্য এক ভাইৰাছ, ক’লে অভিনেত্ৰী বিদ্যা বালানে

News18 Assam | News18-Assam
Updated:May 23, 2020, 1:21 PM IST
কোৰোণাৰ ভয়াৱহতাৰ সময়তে বিশ্বত বিয়পি পৰিছে অন্য এক ভাইৰাছ, ক’লে অভিনেত্ৰী বিদ্যা বালানে
অভিনেত্ৰী বিদ্যা বালান আৰু মানৱ কৌলে ভিডিঅ’ শ্বেয়াৰ কৰি এটা নতুন ভাইৰাছৰ বিষয়ে উল্লেখ কৰিছে।

অভিনেত্ৰী বিদ্যা বালান আৰু মানৱ কৌলে ভিডিঅ’ শ্বেয়াৰ কৰি এটা নতুন ভাইৰাছৰ বিষয়ে উল্লেখ কৰিছে।

  • Share this:
বিশ্বত এতিয়া এতিয়া চলি আছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাৰ বিৰুদ্ধে সকলোৱে যুঁজি আছে। তাৰ মাজতে অভিনেত্ৰী বিদ্যা বালানে ছচিয়েল মিডিয়াৰ জৰিয়তে কোৰোণা ভাইৰাছৰ সজাগতা সম্পৰ্কে ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গ’ল। ভিডিঅ’ৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে এটা নতুন ভাইৰাছৰ বিষয়েও উল্লেখ কৰে।



অভিনেত্ৰীগৰাকীয়ে অভিনেতা মানৱ কৌলৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি আফৱাহ নামৰ এটা ভাইৰাছৰ বিষয়ে কোৱা শুনিবলৈ পোৱা গ’ল।

অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘বিশ্বত কোৰোণা ভাইৰাছৰ উপৰিও আন এটা ভাইৰাছ বিয়পি পৰিছে। ভাইৰাছটোৰ নাম হ’ল ‘আফৱাহ ভাইৰাছ’। আৰু মেডিকেল ৰিপৰ্ট অনুসৰি ‘আফৱাহ ভাইৰাছ’ ফোনৰ ফৰৱাৰ্ড অপচনটো ক্লীক কৰিলে বিয়পে। লগতে কয় যে, ‘এই ভাইৰাছৰ লক্ষণ অনেক আছে। বেছিভাগ ‘UNESCO, SCRIPTURES, NASA, NUMEROLOGY’ শব্দত পোৱা যায়।



ইয়াৰ পিছতে বিদ্যা বালানে কয় যে, ‘মইটো শুনিছো আফৱাহ ভাইৰাছৰ ৰেড জ’ন হ’ল ছচিয়েল মিডিয়া। ছচিয়েল মিডিয়াৰ পৰাই বহুজনে WHO আৰু স্বাস্থ্য মন্ত্ৰণালয় চলাই আছো বুলি ভাবি লৈছে।’



আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading