হোটেলত ডাঙৰ ভুল কৰিলে ঊৰ্বশী ৰৌতেলাই! ছচিয়েল মিডিয়াত হাতযোৰ কৰি বিচাৰিলে ক্ষমা

News18 Assam | News18-Assam
Updated:June 9, 2021, 4:26 PM IST
হোটেলত ডাঙৰ ভুল কৰিলে ঊৰ্বশী ৰৌতেলাই! ছচিয়েল মিডিয়াত হাতযোৰ কৰি বিচাৰিলে ক্ষমা
ঊৰ্বশী ৰৌতেলাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো খুব ভাইৰেল হৈছে।

ঊৰ্বশী ৰৌতেলাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো খুব ভাইৰেল হৈছে।

  • Share this:
বলীউদৰ অভিনেত্ৰী ঊৰ্বশী ৰৌতেলা (Urvashi Rautela)ৰ সৌন্দৰ্যৰ অনুৰাগী বহুত। ছচিয়েল মিডিয়াতো আছে যথেষ্ট ফেন ফলোয়িং। ঊৰ্বশীক এবাৰ চাবৰ বাবে উৎসুক হৈ থাকে অনুৰাগীসকল। ছচিয়েল মিডিয়াতো ঊৰ্বশী খুবেই সক্ৰিয়, প্ৰায়েই নিজৰ ফটো বা ভিডিঅ’ আপলোড কৰি থাকে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ ঊৰ্বশীয়ে ভাৰতৰ বাহিৰত টাবিলিছত শ্বুটিঙৰ বাবে উপস্থিত হৈছে অভিনেত্ৰীগৰাকী। যিখন হোটেলত ঊৰ্বশী আছিল, তাত এটা ডাঙৰ ভুল কৰিলে ঊৰ্বশীয়ে, যাৰ বাবে হাতযোৰ কৰি বিচাৰিলে ক্ষমা।

ঊৰ্বশী ৰৌতেলাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো খুব ভাইৰেল হৈছে। যিটো ভিডিঅ’ আপলোড কৰিছে, তাত তেওঁৰ এজন অনুৰাগীয়ে ঊৰ্বশীক লগ নাপাই ক্ষোভ প্ৰকাশ কৰিছে। অনুৰাগীজনৰ ক্ষোভ দেখি ঊৰ্বশীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি ক্ষমাও খুজিলে।

আছলতে অভিনেত্ৰীগৰাকীয়ে জনা নাছিল যে তেওঁৰ ৫–৬০জন অনুৰাগীয়ে হোটেলৰ বাহিৰত ৭২ ঘণ্টা ধৰি অপেক্ষা কৰি আছিল, কিন্তু যেতিয়া তেওঁ হোটেলৰ পৰা ওলাইছিল, তেতিয়া জানিব পাৰিলে যে তেওঁৰ অনুৰাগীয়ে তেওঁৰ বাবে অপেক্ষা কৰি আছে। ঊৰ্বশীয়ে সোনকালে এঠাইলৈ যাবলগা আছিল, সেইবাবে কেইজনমান অনুৰাগীৰ সৈতে ফটো ক্লিক কৰি তাৰ পৰা গুচি গৈছিল। অনুৰাগীজনে ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত আপলোড কৰে। যেতিয়া ঊৰ্বশীয়ে এই কথা লক্ষ্য কৰিলে তেতিয়া তেওঁ ক্ষমা বিচাৰে।










View this post on Instagram






A post shared by URVASHI RAUTELA 🇮🇳Actor🇮🇳 (@urvashirautela)






ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ লিখিছে – ‘মই অন্তৰৰ পৰা মোৰ ইউৰোপৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছো, মোৰ স্বাস্থ্য ভাল নাছিল সেয়ে সাক্ষাৎ কৰিব নোৱাৰিলো, যিসকলে মোৰ বাবে ৭২ ঘণ্টা ধৰি অপেক্ষা কৰি আছিল হোটেলৰ বাহিৰত। মই আপোলোকক সকলোকে মৰম কৰো আৰু আপোনালোকৰ বাবে চিন্তিত। যিয়ে এই ভিডিঅ’ আপলোড কৰিছে অনুগ্ৰহ কৰি তেওঁক টেগ কৰক আৰু মই আপোনালোক সকলোকে ব্যক্তিগতভাৱে লগ পাব বিচাৰিম। মই আপোনালোক সকলোকে ক্ষমা বিচাৰিছো।’
Published by: Sanjay Kumar Das
First published: June 9, 2021, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি