ৰাণু মণ্ডলৰ পিছত টিকটকত ভাইৰেল ডান্সাৰ যুৱৰাজে পালে বলিউডত সুযোগ

News18 Assam | News18-Assam
Updated:January 16, 2020, 2:53 PM IST
ৰাণু মণ্ডলৰ পিছত টিকটকত ভাইৰেল ডান্সাৰ যুৱৰাজে পালে বলিউডত সুযোগ
টিকটকত নৃত্যৰ ভিডিও প্ৰস্তুত কৰি পালে বলিউডৰ ছবিৰ অফাৰ।

টিকটকত নৃত্যৰ ভিডিও প্ৰস্তুত কৰি পালে বলিউডৰ ছবিৰ অফাৰ।

  • Share this:
ছচিয়েল মিডিয়াত সময়ে সময়ে ভাইৰেল হৈ পৰে একো একোজন প্ৰতিভাৱান। ষ্টেশ্যনত গীত গাই বলিউডত পদাৰ্পণ কৰা ৰাণু মণ্ডলৰ খবৰ দেশে জানে। এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ‘যুৱৰাজ’ সিং! ক্ৰিকেটাৰ যুৱৰাজ সিং নহয়, এওঁ হৈছে এজন প্ৰতিভাশালী ডান্সাৰ। অনুৰাগীয়ে তেওঁক নাম দিছে ‘ইয়ং মাইকেল জেকচন’! গীতৰ তালে তালে নৃত্যৰ ষ্টেপ দেখি মুগ্ধ সকলো। যুৱৰাজৰ নৃত্যৰ প্ৰশংসা কৰিছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰা ঋত্বিক ৰৌশনলৈ বিভিন্নজনে। শ্বেয়াৰ কৰিছে যুৱৰাজৰ নৃত্যৰ ভিডিও।



এইবাৰ যুৱৰাজে লাভ কৰিছে বলিউডৰ ছবিৰ অফাৰ। কৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিচুজাই জনাইছে পৰৱৰ্তী চিনেমাত তেওঁক লোৱাৰ কথা। যুৱৰাজৰ নৃত্যৰ ভিডিও চাই মন্ত্ৰমুগ্ধ ঋত্বিক ৰৌশনে লিখিছিল, মই এতিয়ালৈকে দেখা আটাইতকৈ স্মুথ এয়াৰৱাকাৰ! কোন এওঁ? অমিতাভৰ প্ৰতিক্ৰিয়া আছিল ৱাও। ৰবীনা টেণ্ডনে লিখিছিল টিপ টিপ ৰিমিক্স গানত যুৱৰাজৰ নৃত্য বেছ ভাল। পৰিচালক অনুভৱ সিনহাই যুৱৰাজৰ নৃত্যৰ ভিডিও শ্বেয়াৰ কৰি টেগ কৰিছিল ৰেম’ ডিচুজাক। লগতে লিখিছিল দেখিছেনে? উত্তৰত ৰেম’ই লিখে, দাদা পৰৱৰ্তী ছবি।

হৈ গ’ল আৰু! এতিয়া যুৱৰাজক কোনে ৰখাব পাৰে? ৰাণু মণ্ডলৰ পিছত ছচিয়েল মিডিয়াৰ সৌজন্যত আৰু এজন সাধাৰণ ব্যক্তিয়ে বলিউডৰ ছবিত কাম কৰাৰ সুযোগ পালে।
আৰু চাওক
পৰৱৰ্তী বাতৰি