কোনজন অভিনেতাৰ পৰা নিজৰ নাম চুৰি কৰিছিল অক্ষয় কুমাৰে?

মই দেওঁবাৰে কাম নকৰো, শনিবাৰে অৰ্ধছুটী থাকে আৰু তিনি মাহৰ মূৰত ৭ দিন ছুটী লওঁ, বছৰটোৰ কোনো এটা মাহত মই কাম নকৰো : অক্ষয়

news18assam
Updated:April 20, 2019, 8:43 AM IST
কোনজন অভিনেতাৰ পৰা নিজৰ নাম চুৰি কৰিছিল অক্ষয় কুমাৰে?
মই দেওঁবাৰে কাম নকৰো, শনিবাৰে অৰ্ধছুটী থাকে আৰু তিনি মাহৰ মূৰত ৭ দিন ছুটী লওঁ, বছৰটোৰ কোনো এটা মাহত মই কাম নকৰো : অক্ষয়
news18assam
Updated: April 20, 2019, 8:43 AM IST
বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ আচল নাম কি জানেনে? অক্ষয় কুমাৰৰ প্ৰকৃত নাম হৈছে ৰাজীৱ ভাটিয়া। ৰাজীৱ ভাটিয়াৰ পৰা কেনেকৈ হ’ল অক্ষয় কুমাৰ? তাৰ আঁৰত আছে এক আমোদজনক কাহিনী।

এক সাক্ষাৎকাৰত অক্ষয় কুমাৰে কয় যে প্ৰকৃততে তেওঁৰ প্ৰথম ছবি আছিল ‘আজ’, যিখন ছবিৰ নিৰ্মাতা আছিল মহেশ ভাট। এই ছবিখনত মাত্ৰ ৭ ছেকেণ্ডৰ বাবে ভুমুকি মাৰিছিল অক্ষয় কুমাৰে। ছবিখনৰ অভিনেতা আছিল কুমাৰ গৌৰৱ আৰু ছবিখনৰ চৰিত্ৰটোৰ নাম আছিল ‘অক্ষয়’। সেইদিনাৰ পৰাই নিজৰ নামটো গৌৰৱ ভাটিয়াৰ পৰা সলনি কৰিলে অক্ষয় কুমাৰলৈ। কুমাৰ গৌৰৱৰ পৰাই অক্ষয় কুমাৰে চুৰি কৰিছিল নিজৰ নামটো।

অক্ষয় কুমাৰে কয় যে নাম সলনি কৰাৰ পিছত তেওঁ প্ৰথমবাৰ ভিজিটিং কাৰ্ড ছপাইছিল। ভিজিটিং কাৰ্ড ছপোৱাৰ দিনাই পাইছিল প্ৰথমখন ছবিৰ অফাৰ। অক্ষয়ে কয় – ‘মই কেতিয়াও ছবি জগতলৈ আহিম বুলি ভৱা নাছিলো। মই মাৰ্চিয়েল আৰ্টিষ্ট হ’ব বিচাৰিছিলো আৰু  ৱ্ৰুছ লী আছিল মোৰ ৰোল মডেল। মই যেতিয়া বেংককত আছিলো তেতিয়া খেলিছিলো আৰু কেৱল হাৰিছিলো। বলীউদটো মোৰ স্থিতি খেলৰ দৰেই আছিল, ধাৰাবাহিকভাৱে ১৪খন ফ্লপ ছবি কৰিছিলো কিন্তু হাৰ মনা নাছিলো। কেতিয়াবা ছবি নিৰ্মাতাৰ হাতত পইছা নাছিল আৰু মই পৰৱৰ্তী ছবিৰ বাবে অপেক্ষা কৰিছিলো।’

সাক্ষাৎকাৰটোত অক্ষয় কুমাৰে কয় যে মই ছবি জগতলৈ কেৱল ধন ঘটিবলৈ আহিছিলো। মই জীৱনত কেতিয়াও ইমান টকা দেখা নাছিলো। মই বিচাৰিছিলো যে এনেকুৱা চিনেমা কৰিম যাৰ বাবে মোক মানুহে মনত ৰাখিব আৰু আজি মই এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছো। মই প্ৰতিবছৰে চাৰিখনৰ ঠাইত ৬খন ছবি কৰিব বিচাৰো কিন্তু বছৰটোত ৩৬৫ দিনহে থাকে। মই দেওঁবাৰে কাম নকৰো, শনিবাৰে অৰ্ধছুটী থাকে আৰু তিনি মাহৰ মূৰত ৭ দিন ছুটী লওঁ। বছৰটোৰ কোনো এটা মাহত মই কাম নকৰো।

অক্ষয় কুমাৰে কয় যে একচন ছবি কৰি মই আটাইতকৈ বেছি ভাল পাওঁ কিন্তু একচন–কমেডীও মোৰ প্ৰিয়। এটা শ্বটৰ বাবে মই এৰ’প্লেনৰ ওপৰত থিয় হৈছিলো আৰু এই দৃশ্য মই ‘টম এণ্ড জেৰী’ত দেখিছিলো। এৰ’প্লেনৰ ওপৰত থিয় হৈ মই এটা হট এয়াৰ বেলুনৰ ওপৰত জপিয়াইছিলো। অৱশ্যে এয়া মোৰ জীৱনৰ আটাইতকৈ বেয়া কাম আছিল, কোনেও যেন জীৱনটোক এনেধৰণৰ বিপদলৈ ঠেলি নিদিয়ে। কমেডী আটাইতকৈ টান কাম কিন্তু ছবি জগতত ইয়াক সন্মান দিয়া নহয়। কমেডী সম্বন্ধীয় এক প্ৰশ্নৰ উত্তৰত অক্ষয় কুমাৰে কয় – যিয়ে চান্দনী চ’কত থাকে তেওঁৰ কাৰণে কমেডী চৰিত্ৰ ৰূপায়ণ সহজ হৈ পৰে! মই আপোনালোকক ক’ব বিচাৰো যে জীৱনত সকলো কথা বেছি গভীৰভাৱে নল’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি