বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয় নৰেন্দ্ৰ মোদীয়ে।মোদীৰ শপতগ্ৰহণ সমাৰোহ আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা হৈছিল। শপতগ্ৰহণ স্থলীলৈ আমন্ত্ৰণ জনোৱা হৈছিল দেশ বিদেশৰ বহু বিশিষ্ট লোকক।অনুষ্ঠানত সমাগম হৈছিল প্ৰায় ৮০০০ লোক। নতুন চৰকাৰৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত আছিল দেশৰ বিশিষ্ট কণ্ঠশিল্পী আশা ভোঁসলে।
![]()
ভালদৰে চলিথকা সমাৰোহখনি শেষ হোৱাৰ পিছতেই এক অবাঞ্চিত পৰিস্থিতিৰ মুখামুখি হ’ব লগীয়া হয় বৰ্ষীয়ান কণ্ঠশিল্পী আশা ভোঁসলে। সমাৰোহ শেষ হোৱাৰ পিছত ভিৰত আৱদ্ধ হৈ পৰে কণ্ঠশিল্পীগৰকাী। পিছত কেন্দ্ৰীয় স্মৃতি ইৰাণীৰ তৎপৰতাত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে দেশৰ বৰ্ষীয়ান কণ্ঠশিল্পী গৰাকী।
পিছত নিজৰ টুইটাৰৰ জৰিয়তে এই কথা ব্যক্ত কৰে কণ্ঠশিল্পী গৰাকীয়ে। নিজৰ টুইটাৰ একাউণ্টত স্মৃতি ইৰাণীক প্ৰশংসা কৰি কয় যে স্মৃতিয়ে এনেবোৰ কামৰ বাবেই জনসাধাৰণৰ আস্থা ভাজন হৈছে বুলি মন্তব্য কৰে আশা ভোঁসলেই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|