உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • শাৰ্লিন চোপ্ৰাই শ্বেয়াৰ কৰিলে ৰাজ কুন্দ্ৰাৰ সৈতে প্ৰথম শ্বুটৰ ফটো, ক’লে – মোৰ বাবে নতুন অনুভৱ আছিল

    শাৰ্লিন চোপ্ৰাই শ্বেয়াৰ কৰিলে ৰাজ কুন্দ্ৰাৰ সৈতে প্ৰথম শ্বুটৰ ফটো, ক’লে – মোৰ বাবে নতুন অনুভৱ আছিল

    শাৰ্লিন চোপ্ৰাই এখন ফটোৰ সৈতে টুইট কৰিছে। শাৰ্লিনক এই ফটোত ৰাজ কুন্দ্ৰা আৰু আন এজন লোকক দেখা গৈছে।

    শাৰ্লিন চোপ্ৰাই এখন ফটোৰ সৈতে টুইট কৰিছে। শাৰ্লিনক এই ফটোত ৰাজ কুন্দ্ৰা আৰু আন এজন লোকক দেখা গৈছে।

    শাৰ্লিন চোপ্ৰাই এখন ফটোৰ সৈতে টুইট কৰিছে। শাৰ্লিনক এই ফটোত ৰাজ কুন্দ্ৰা আৰু আন এজন লোকক দেখা গৈছে।

    • Share this:
    শিল্পা শেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰত (Raj Kundra Pornography Case) শাৰ্লিন চোপ্ৰাৰ (Sherlyn Chopra) ভাষ্য আৰক্ষীয়ে গ্ৰহণ কৰিছে। ৰাজ কুন্দ্ৰা বৰ্তমান ন্যায়িক জিম্মাত আছে। শাৰ্লিনে শেহতীয়াকৈ ৰাজ কুন্দ্ৰাৰ ওপৰত বলপূৰ্বক চুমা খোৱাৰো অভিযোগ আনিছিল। এতিয়া শাৰ্লিনে কৰা এটা টুইটে পুনৰ মানুহক আচৰিত কৰি তুলিছে। তেওঁ ৰাজ কুন্দ্ৰাৰ সৈতে ‘দ্য শাৰ্লিন চোপ্ৰা এপ’ (The Sherlyn Chopra App)ৰ প্ৰথম শ্বুটৰ ফটো শ্বেয়াৰ কৰিছে।

    শাৰ্লিন চোপ্ৰাই এখন ফটোৰ সৈতে টুইট কৰিছে। শাৰ্লিনক এই ফটোত ৰাজ কুন্দ্ৰা আৰু আন এজন লোকক দেখা গৈছে। তেওঁ দাবী কৰিছে যে এই ফটো ‘দ্য শাৰ্লিন চোপ্ৰা’ এপৰ প্ৰথম শ্বুটৰ সময়ৰ।

    তেওঁ ফটোৰ সৈতে লিখিছে – ‘২৯ মাৰ্চ ২০১৯ৰ দিন আছিল। আৰ্মছপ্ৰাইমৰ দ্বাৰা আয়োজিত ‘দ্য শাৰ্লিন চোপ্ৰা এপ’ৰ প্ৰথম কণ্টেণ্ট শ্বুট হ’বলৈ গৈ আছিল। মোৰ বাবে এয়া এক নতুন অনুভৱ আছিল, কিয়নো মই কেতিয়াও কোনো এপৰ বাবে জড়িত হোৱা নাছিলো। বিশ্বাস আৰু উৎসাহৰ পৰিৱেশ আছিল।’



    শাৰ্লিনৰ এই টুইটত এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিবলৈ লৈছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ আগত নিজৰ ভাষ্য প্ৰদান কৰাৰ পিছত শাৰ্লিনে এক সাক্ষাৎকাৰত কৈছিল যে ৰাজ কুন্দ্ৰাই তেওঁ বিপথে পৰিচালিত কৰিছিল যে শিল্পা শেট্টীয়ে তেওঁৰ ভিডিঅ’ আৰু ফটো ভাল পায়। অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ মোৰ মেণ্টৰ আছিল। তেওঁ মোক এইবুলি কৈ বিপথে পৰিচালিত কৰিছিল যে মই যি শ্বুট কৰিছো সেয়া গ্লেমাৰৰ বাবে।
    Published by:Sanjay Kumar Das
    First published: