হঠাৎ চৰ্চাত শ্বাহৰুখ খানৰ কন্যা সুহানাৰ Instagram একাউণ্ট, ভাইৰেল হ’ল ফটো

News18 Assam | News18-Assam
Updated:March 9, 2020, 7:03 PM IST
হঠাৎ চৰ্চাত শ্বাহৰুখ খানৰ কন্যা সুহানাৰ Instagram একাউণ্ট, ভাইৰেল হ’ল ফটো
সুহানা খানৰ ইনষ্টাগ্ৰাম একাউণ্ট শেহতীয়াকৈ যথেষ্ট চৰ্চাত আহিছে। 

সুহানা খানৰ ইনষ্টাগ্ৰাম একাউণ্ট শেহতীয়াকৈ যথেষ্ট চৰ্চাত আহিছে। 

  • Share this:
মুম্বাইঃ শেহতীয়াকৈ বলিউডত তাৰকা সন্তানসকলে দপদপাবলৈ লৈছে। কোনোবাই যদি ইতিমধ্যেই চিনেমাত এণ্ট্ৰি মাৰিছে, আন কোনোবাই ডেব্যুৰ কাৰণে প্ৰস্তুতি চলাইছে। কিছুমান তাৰকা সন্তান এনে আছে যি চিনেমালৈ অহাৰ আগতেই যথেষ্ট চৰ্চিত। ইয়াৰ অন্যতম হৈছে শ্বাহৰুখ খানৰ কন্যা সুহানা খান। নিয়মীয়াকৈ খবৰৰ শিৰোনামত থাকে সুহানা খান। ছচিয়েল মিডিয়াত নথকাৰ পিছতো চুপাৰষ্টাৰৰ দৰেই সুহানাৰ নামত আছে কেইবাটাও ফেনপেজ। শেহতীয়াকৈ এনেকুৱা এটা ইনষ্টাগ্ৰাম একাউণ্টৰ কাৰণে সুহানা চৰ্চালৈ আহে। দৰাচলতে ইনষ্টাগ্ৰামত ‘suhanakhan2’ নামৰ এটা একাউণ্ট আছে যিটো অলপতে ভেৰিফাই হৈছে। এই একাউণ্টটোত যথেষ্ট পূৰ্বৰ পৰা ফটো শ্বেয়াৰ কৰা হৈ আছিল যদিও অলপতে ব্লু টিক পোৱাত সুহানা খানৰ অফিচিয়েল একাউণ্ট বুলি মিডিয়াত প্ৰকাশ পায়।



 





View this post on Instagram




 

Make me laugh and take me dancing


A post shared by Suhana Khan (@suhanakhan2) on






এই একাউণ্টত সুহানাৰ ফটো ২০১৭চনৰ পৰা শ্বেয়াৰ কৰা হৈ আছে কিন্তু কিয় এই একাউণ্টটোৱে এতিয়াহে ব্লু টিক পালে সেয়া জানিব পৰা হোৱা নাই। সুহানা খানৰ নিজৰ একাউণ্ট নে কোনো অনুৰাগীয়ে চলোৱা একাউণ্ট সেয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে সুহানাৰ ব্লু টিক থকা এই একাউণ্টত মাতৃ গৌৰী, দুই ভাই আৰু বন্ধুমহলৰ সৈতে সুহানাৰ কেইবাখনো ফটো আছে যদিও পিতৃ শ্বাহৰুখৰ সৈতে সুহানাৰ এখনো ফটো নাই।



 




View this post on Instagram





 

A post shared by Suhana Khan (@suhanakhan2) on






অৱশ্যে যদিহে এয়া সুহানাৰ সঁচাকৈ ইনষ্টাগ্ৰামত ভুমুকি তেনেহ’লে ছচিয়েল মিডিয়াত তেওঁৰ অহাৰ কোনো অৰ্থ আছে বুলি চৰ্চা চলিছে। কোৱা হৈছে যে, হয়তো সুহানা খানে শীঘ্ৰেই চিনেমাত ভুমুকি মাৰিব আৰু তাৰ কাৰণে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ অনুৰাগীৰ মাজত সোমোৱাৰ এয়া প্ৰয়াস কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি