শ্বাহৰুখ খানৰ জীয়ৰি সুহানা খানৰ নৈশ পাৰ্টীৰ ভাইৰেল ছবিক লৈ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:January 11, 2020, 1:42 PM IST
শ্বাহৰুখ খানৰ জীয়ৰি সুহানা খানৰ নৈশ পাৰ্টীৰ ভাইৰেল ছবিক লৈ প্ৰতিক্ৰিয়া
ভৰা পাৰ্টীত এজন যুৱকক চুম্বন শ্বাহৰুখ কন্যাৰ। ভাইৰেল ছবিক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ।

ভৰা পাৰ্টীত এজন যুৱকক চুম্বন শ্বাহৰুখ কন্যাৰ। ভাইৰেল ছবিক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ।

  • Share this:
শ্বাহৰুখ আৰু গৌৰীৰ কন্যা সুহানা খানে বলিউডত ভৰি নথলেও ছচিয়েল মিডিয়াত তেওঁৰ জনপ্ৰিয়তা ক’বই নালাগে। ইনষ্টাগ্ৰাম আৰু টুইটাৰত এটা পোষ্ট কৰিলেই কমেণ্টছৰ বন্যা বয়। ফেচবুকত সুহানাৰ ফেনৰ সংখ্যাও যথেষ্ট। এই জনপ্ৰিয়তাৰ মাজে মাজে ঢৌ তোলে শ্বাহৰুখ কন্যাৰ বিশেষ ভংগীমাৰ ফটো, ভিডিঅ’ই।

আকৌ এবাৰ ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে সুহানাৰ নতুন ছবিয়ে। নতুন বছৰৰ আৰম্ভনিতে শ্বাহৰুখ কন্যাৰ এখন ছবি ভাইৰেল হৈছে। আলীবাগৰ বাংলোত বন্ধুৰ সৈতে পাৰ্টীত অংশ লৈছিল সুহানাই। এই নৈশ পাৰ্টীৰ ছবি ভাইৰেল হোৱাৰ পিছত পুনৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

সমগ্ৰ নিশা শ্বাহৰুখৰ আলীবাগৰ বাংলোত হোৱা পাৰ্টীত আছিল সুহানাৰ বেষ্ট ফ্ৰেণ্ড অনন্যা পাণ্ডে সহ একাধিক বন্ধু। ভাতৃদ্বয় আৰ্য খান আৰু আবৰামো আছিল। হঠাৎ পাৰ্টীৰ মাজতে এজন বন্ধুৰ গালত চুম্বন যাচে সুহানা খানে। এই ছবিক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। একাংশই ট্ৰ’ল কৰিবলৈও এৰা নাই সুহানাক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি