ছলমানে খানে দিয়া নাই কিন্তু ৰাণু মণ্ডলে ঘৰ পালে, কেনেকৈ জনালে ভিডিঅ’ প্ৰস্তুত কৰা অতীন্দ্ৰই

ৰাণু মণ্ডলৰ মেনেজাৰ অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে তেওঁ কেনেকৈ ঘৰ পালে সেই কথা জনালে। লগতে তেওঁ জনায় যে এই ঘৰটো ছলমান খানে নাই দিয়া। 

News18
Updated:September 2, 2019, 1:44 PM IST
ছলমানে খানে দিয়া নাই কিন্তু ৰাণু মণ্ডলে ঘৰ পালে, কেনেকৈ জনালে ভিডিঅ’ প্ৰস্তুত কৰা অতীন্দ্ৰই
ৰাণু মণ্ডলৰ মেনেজাৰ অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে তেওঁ কেনেকৈ ঘৰ পালে সেই কথা জনালে। লগতে তেওঁ জনায় যে এই ঘৰটো ছলমান খানে নাই দিয়া। 
News18
Updated: September 2, 2019, 1:44 PM IST
হিমেশ ৰেছমিয়াই ৰাণু মণ্ডলক গান গাবলৈ মতাৰ পিছতে চৰ্চালৈ আহিছিল যে ছলমান খানে তেওঁক ৫৫লাখ টকীয়া এটা ঘৰ উপহাৰ দিছে। কিন্তু এই খ‍বৰ সঁচা নাছিল। তেওঁ ঘৰ লৈছে কিন্তু ছলমান খানে তেওঁক এই ঘৰটো দিয়া নাই। ৰাণু মণ্ডলৰ ভাইৰেল ভিডিঅ’ প্ৰস্তুত কৰা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে এই কথা জনাইছে। উল্লেখযোগ্য যে ৰাণু মণ্ডলে নিজৰ গায়কীৰে চেলিব্ৰেটী মৰ্যাদা লাভ কৰাৰ পিছতে অতীন্দ্ৰই মেনেজাৰ হিচাপে তেওঁৰ সকলো কাম কাজ তদাৰক কৰি আছে।

অতীন্দ্ৰই হিন্দুস্তান টাইমছৰ সৈতে এক বাৰ্তালাপত উল্লেখ কৰে যে
ছলমান খানে ৰাণু মণ্ডলক ৫৫লাখ টকীয়া ঘৰ উপহাৰ দিয়াৰ বাতৰিৰ পিছতে তেওঁ হাজাৰটা কল লাভ কৰিছে, লগতে ছলমানে তেওঁক দাবাং–৩তো গান গাবলৈ মতাৰ কথাও চৰ্চিত হৈছে। কিন্তু এই দুয়োটা খবৰেই ভুৱা। যিটো ঘৰ ৰাণু মণ্ডলে পাইছে সেয়া তেওঁক ৰাণাঘাটৰ স্থানীয় প্ৰশাসনে নিৰ্মাণ কৰা।


অতীন্দ্ৰই লগতে কয় যে ৰাণু মণ্ডলে বৰ্তমান বলিউডৰ লগতে বাংলা, দক্ষিণ ভাৰতৰ চিনেমা উদ্যোগৰ পৰাও গান গোৱাৰ বহু অফাৰ পাইছে। কেৱল ইমানেই নহয় ৰাণুৱে এ আৰ ৰহমানৰ কাৰ্যালয়ৰ পৰাও ফোনকল পাইছে। চনু নিগমেও ৰাণুৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।





ৰাণু মণ্ডলে বহুকেইটা লাইভ পাৰফৰমেন্সৰ কাৰণেও অফাৰ লাভ কৰাৰ কথা অতীন্দ্ৰই প্ৰকাশ কৰে। এই সকলোবোৰ অফাৰক লৈ চৰ্চা চলি থকাৰ কথা তেওঁ জনায়।

হঠাতে লাভ কৰা ধন–সম্পত্তি আৰু দেশবাসীৰ অপাৰ মৰমৰ মাজত সোমাই পৰা ৰাণু মণ্ডলক এতিয়া চম্ভালিবলৈ এজন মানুহ লাগে আৰু অতীন্দ্ৰই এই কামখিনি কৰি আছে। ৰাণুৱে কয় যে,
মানুহৰ ভালপোৱা আৰু মোৰ সৈতে কাম কৰাৰ উত্‍সাহ দেখি ভাল লাগিছে। মই সকলো কাম কাজ চোৱা–চিতা কৰাৰ দায়িত্ব অতীন্দ্ৰক দিছো। এই বয়সত এই সকলোবোৰ চম্ভালা মোৰ কাৰণে সহজ নহয়। মোৰ ওচৰত আনকি ফোনো নাই। তেওঁ মোক বাট দেখুৱাই আছে। অতীন্দ্ৰ মোৰ কাৰণে পুত্ৰৰ দৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি