• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বি টাউনৰ তিনিগৰাকী খানতকৈ কম সফল ছেইফ আলী খান! নিজেই এই কথা উল্লেখ কৰি ছেইফে ক’লে- এয়া মোৰ বাবে লাভজনক

বি টাউনৰ তিনিগৰাকী খানতকৈ কম সফল ছেইফ আলী খান! নিজেই এই কথা উল্লেখ কৰি ছেইফে ক’লে- এয়া মোৰ বাবে লাভজনক

ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ তুলনাত ছেইফ আলী খান (Saif Ali Khan) কম সফল হোৱাটো তেওঁৰ বাবে ভাল বুলি ভাৱে নৱাব খানে।

ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ তুলনাত ছেইফ আলী খান (Saif Ali Khan) কম সফল হোৱাটো তেওঁৰ বাবে ভাল বুলি ভাৱে নৱাব খানে।

ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ তুলনাত ছেইফ আলী খান (Saif Ali Khan) কম সফল হোৱাটো তেওঁৰ বাবে ভাল বুলি ভাৱে নৱাব খানে।

  • Share this:
বলীউদৰ অভিনেতা ছেইফ আলী খানে (Saif Ali Khan) প্ৰায়ে তেওঁৰ মন্তব্যৰ বাবে শিৰোনাম দখল কৰে। ছেইফ ক কেইবাবাৰো নেপটিজম(Nepotism)ৰ ওপৰত মন্তব্য কৰা দেখা গৈছে। অভিনেতাজনক কোনো এটা বিষয়তে মন্তব্য নকৰাকৈ থকা দেখা নাযায়। শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁৰ বলীউদৰ কেৰিয়াৰ সম্পৰ্কীয় বহু কথা শ্বেয়াৰ কৰিছিল৷ ছেইফে ১৯৯৩ চনত য়শ চোপ্ৰাৰ 'পৰম্পৰা'ৰ জৰিয়তে বলীউদত আত্মপ্ৰকাশ কৰিছিল৷

HTত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, Film Companion 'অনুপমা চোপ্ৰা'ই বিশ্বাস কৰে যে ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ তুলনাত ছেইফ আলী খান (Saif Ali Khan) কম সফল হোৱাটো তেওঁৰ বাবে ভাল কথা। এই বিষয়ে ছেইফেও সন্মত হৈছে। ছেইফ কৈছিল, 'মই ক'ব বিচাৰো যে শ্বাহৰুখ, চলমান আৰু আমিৰ অভিনেতা হ'বলৈ জন্ম গ্ৰহণ কৰিছিল। মই ভাবো সৰুৰে পৰা তেওঁলোকৰ লক্ষ্য নিশ্চয় এইটোৱেই আছিল। মই জানো তেওঁলোকৰ মাজৰ দুজনৰ লক্ষ্য নিশ্চিতভাৱে অভিনেতা হোৱাটো আছিল। চলমানৰ লক্ষ্য এইটো আছিল নে নাই মই নাজানো যদিও তেওঁ ইয়াৰ বাবে জন্ম পাইছিল। মই চিনেমা জগতলৈ দুটা উদ্দেশ্য লৈ আহিছিলো- হয়টো মই ছুপাৰষ্টাৰ হ’ম নাইবা মই সাধাৰণ অভিনেতা হৈ থাকিম।

ছেইফে কয় যে তেওঁ এতিয়াও চৰিত্ৰবোৰৰ সৈতে অধিক পৰীক্ষা-নিৰীক্ষা কৰি আছে কাৰণ তেওঁ অভিনয়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে। এতিয়া এই বিষয়ে তেওঁৰ বিবেচনা বৃদ্ধি পাইছে। ছেইফে কয়, 'মোৰ বাবে এতিয়া ছবিও সলনি হৈছে। মই জটিল চৰিত্ৰৰ প্রস্তাব পাবলৈ ধৰিছো ।' ছেইফৰ বলীউদ যাত্ৰাত অক্ষয় কুমাৰৰ ভূমিকাৰ ববে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে। দুয়োজনে ইয়ে দিল্লগী, মই খিলাড়ী তু অনাড়ী আৰু তাছানৰ দৰে ছবিত একেলগে কাম কৰিছে।

ছেইফ আলী খানে দিল চাহতা হে, এক হাছিনা থি, হাম তুম আৰু ওমকাৰাৰ দৰে ছবিত অভিনয় কৰিছে। তেওঁক অলপতে এমাজন প্ৰাইম চিৰিজত দেখা গৈছিল। তেওঁৰ আহিবলগীয়া ছবিসমূহৰ ভিতৰত আছে বণ্টি আৰু বাবলি ২, ঘোষ্ট পুলিচ আৰু অদিপুৰুষ।



News link: https://hindi.news18.com/news/entertainment/bollywood-saif-ali-khan-considers-himself-less-successful-than-shahrukh-khan-salman-khan-aamir-khan-3598047.html
Published by:Sanjay Kumar Das
First published: