உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • শিশুৰ খাদ্য সংকট দূৰ কৰাৰ প্ৰয়াস! ৪২ লিটাৰ স্তন দুগ্ধ দান কৰিলে বলীউদৰ প্ৰযোজকে

    শিশুৰ খাদ্য সংকট দূৰ কৰাৰ প্ৰয়াস! ৪২ লিটাৰ স্তন দুগ্ধ দান কৰিলে বলীউদৰ প্ৰযোজকে

    ফেব্ৰুৱাৰী মাহত পুত্ৰ সন্তান জন্ম দিছিল নিধিয়ে।

    ফেব্ৰুৱাৰী মাহত পুত্ৰ সন্তান জন্ম দিছিল নিধিয়ে।

    ফেব্ৰুৱাৰী মাহত পুত্ৰ সন্তান জন্ম দিছিল নিধিয়ে।

    • Share this:
    এটা সৰু শব্দ ‘মা’। কিন্তু এই সৰু শব্দটোৰ মাজতে সোমাই থাকে অপৰিসীম মৰম, ভালপোৱা, স্বাৰ্থত্যাগ। কেৱল মাতৃয়ে হে জানে, কিমান কষ্টৰ মাজেৰে ডাঙৰ কৰা হয় নিজৰ সন্তানক। সেইদৰে এগৰাকী মাতৃয়েও বুজি পাই অন্য এগৰাকী মাতৃৰ কষ্টৰ কথা।

    এনে ধৰণৰ এক ঘটনাই ঘটিল বলীউদৰ প্ৰযোজক নিধি পাৰমাৰ হীৰনন্দিনীৰ ক্ষেত্ৰত। তাপসী পান্নু, ভুমি পাডনেকাৰ অভিনীত ‘চান্দ কি আঁখ’ ছবি প্ৰযোজনা কৰিছিল নিধিয়ে। এই ছবিখনৰ পৰিচালক তুষাৰ হীৰনন্দিনীৰ পত্নী হ’ল নিধি। কোৰোণাৰ ভয়াৱহ সময়ছোৱাত ভোকাতুৰ শিশুৰ বাবে এই পৰ্যন্ত ৪২ লিটাৰ নিজৰ স্তন দুগ্ধ দান কৰিলে নিধিয়ে।



    চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত পুত্ৰ সন্তান জন্ম দিছিল নিধিয়ে। এটা সাক্ষাত্‍কাৰত নিধিয়ে কয় যে, সন্তান জন্ম দিয়াৰ পিছৰ পৰাই নিধিৰ প্ৰচূৰ পৰিমাণে স্তনদুগ্ধ উত্‍পন্ন হৈছিল। প্ৰথম অৱস্থাত ঘৰৰ ফ্ৰীজতে সংৰক্ষণ কৰা আৰম্ভ কৰে তেওঁ। কিন্তু সন্তানৰ প্ৰয়োজনীতা পূৰণ হোৱাৰ পিছতো থাকি গৈছিল বহু গাখীৰ। সেই সময়তে তেওঁ স্তনদুগ্ধ সত্‍ ব্যৱহাৰৰ কথা চিন্তা-চৰ্চা কৰে। বহুতৰ পৰা বিচাৰে পৰামৰ্শ।

    ইণ্টাৰনেটতো এই সম্পৰ্কে সমাধান বিচাৰে। নিজৰ স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰাও পৰামৰ্শ বিচাৰে। তেতিয়াই জানিব পাৰে যে, অতিৰিক্ত স্তনদুগ্ধ মিল্ক বেংকত দান দিব পাৰি। যাৰ ফলত উপকৃত হয় বহু শিশু। তাৰ পিছতে মুম্বাইৰ সূৰ্য হাস্পতালৰ মিল্ক বেংকত স্তন দুগ্ধ দান কৰা আৰম্ভ কৰে নিধিয়ে।
    Published by:Himangshu Bhuyan
    First published: