‘সুশান্তৰ বান্দ্ৰাৰ ফ্লেটত আছিল অদৃশ্য শক্তি’- ১১ ঘণ্টাৰ আৰক্ষীৰ জেৰাত আৰু বহু কথা ক’লে প্ৰেয়সী ৰিয়াই

News18 Assam | News18-Assam
Updated:June 20, 2020, 11:18 AM IST
‘সুশান্তৰ বান্দ্ৰাৰ ফ্লেটত আছিল অদৃশ্য শক্তি’- ১১ ঘণ্টাৰ আৰক্ষীৰ জেৰাত আৰু বহু কথা ক’লে প্ৰেয়সী ৰিয়াই
ৰিয়াই আৰক্ষীক জনাই যে, সুশান্তৰ সৈতে বান্দ্ৰাৰ ফ্লেটত থাকোতে কিছু কিছু অস্বাভাৱিক ঘটনা ঘটিছিল।

ৰিয়াই আৰক্ষীক জনাই যে, সুশান্তৰ সৈতে বান্দ্ৰাৰ ফ্লেটত থাকোতে কিছু কিছু অস্বাভাৱিক ঘটনা ঘটিছিল।

  • Share this:
সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৰ পিছতে মুম্বাই আৰক্ষীয়ে জেৰা কৰিছে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক। দুয়োৰে বিয়া হোৱা কথা আছিল নৱেম্বৰত। ঘৰত বিয়াৰ প্ৰস্তুতিও চলিছিল। কিন্তু যেন আধৰুৱা হৈ ৰ’ল সকলো।

সুশান্তৰ মৃত্যুৰ কাৰণ জানিবলৈ ৰিয়াক আৰক্ষীয়ে প্ৰায় ১১ ঘণ্টা জেৰা কৰে। আৰক্ষীৰ জেৰাত বহু কথাই কৈছে ৰিয়াই। আনকি ৰিয়াই স্বীকাৰ কৰিছে যে, সুশান্তৰ সৈতে তেওঁৰ সম্পৰ্ক অৱনতি ঘটাৰ কথা। জনাইছে যে, সুশান্তৰ পৰা নিজকে আঁতৰাই আনিব বিচাৰিছিল ৰিয়াই।





জানিব পৰা গৈছে, ল’ক ডাউনৰ সময়ত দুয়ো লিভ ইন কৰিছিল। কাজিয়া লাগি সুশান্তক এৰি বান্ধৱীৰ ফ্লেটলৈ গুচি গৈছিল ৰিয়া। ফোনত কথা পতাও বন্ধ কৰি দিছিল। মৃত্যুৰ আগ ৰাতিও ৰিয়াক ফোন কৰিছিল সুশান্তই। কিন্তু ফোন ধৰা নাছিল ৰিয়াই। কেৱল সেয়াই নহয়, মহেশ ভাটৰ পৰামৰ্শ মতে সুশান্তৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছিল ৰিয়াই।

ৰিয়াই আনকি আৰক্ষীৰ আগত কৈছে যে, সুশান্তৰ বান্দ্ৰাৰ ফ্লেটত আছিল কোনো অদৃশ্য শক্তি। বলীউদ ৰিপৰ্ট অনুযায়ী, ৰিয়াই আৰক্ষীক জনাইছে, সুশান্তৰ ফ্লেটত থাকোটে বহু অস্বাভাৱিক পৰিস্থিতিৰ মুখামুখি হৈছিল ৰিয়া। সুশান্তক ফ্লেট সলনি কৰিবলৈও কৈছিল।


First published: June 20, 2020, 11:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading