ঊৰ্বশীৰ এটা প্ৰশ্নৰ উত্তৰে দেশৰ লাখ লাখ ক্ৰিকেটপ্ৰেমীক আচৰিত কৰি তুলিছিল।
ঊৰ্বশীৰ এটা প্ৰশ্নৰ উত্তৰে দেশৰ লাখ লাখ ক্ৰিকেটপ্ৰেমীক আচৰিত কৰি তুলিছিল।
বলীউদৰ অভিনেত্ৰী ঊৰ্বশী ৰৌতেলা (Urvashi Rautela)ই শেহতীয়াকৈ ইনষ্টাগ্ৰামত এক ইণ্টাৰেক্টিভ ছেছন কৰিছিল। এই ছেছনত তেওঁৰ অনুৰাগীসকলে বহু প্ৰশ্ন কৰিছিল। কিন্তু ঊৰ্বশীৰ এটা প্ৰশ্নৰ উত্তৰে দেশৰ লাখ লাখ ক্ৰিকেটপ্ৰেমীক আচৰিত কৰি তুলিছিল। ঊৰ্বশীক এজন অনুৰাগীয়ে সুধিছিল যে তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ কোন, অভিনেত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে কোনো ক্ৰিকেটাৰকে তেওঁ চিনি নাপায় কাৰণ তেওঁ ক্ৰিকেট নাচায়। অৱশ্যে ঊৰ্বশীয়ে শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ বাবে যথেষ্ট সন্মান আছে বুলি প্ৰকাশ কৰে।
মিডিয়া ৰিপ’ৰ্ট অনুসৰি, কেইবছৰমান পূৰ্বে ইণ্ডিয়ান ক্ৰিকেট দলৰ উইকেট কীপাৰ আৰু বেটছমেন ঋষভ পন্তৰ সৈতে ৰিলেচনশ্বিপৰ উৰাবাতৰি ওলাইছিল। কিন্তু ঋষভ পন্তে ২০১৮ চনত ঊৰ্বশীক হোৱাট্ছএপত ব্লক কৰি দিছিল। এই উৰাবাতৰি যাতে অধিক নিবিয়পে তাৰ বাবে এয়া কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে। অৱশ্যে ঊৰ্বশী আৰু ঋষভে কেতিয়াও এই সন্দৰ্ভত কোনো কথা কোৱা নাই। উৰাবাতৰিৰ মাজতে ঋষভে ঈশা নেগীৰ সৈতে সম্পৰ্ক নিশ্চিত কৰিছিল। এই সন্দৰ্ভত তেওঁ অফিচিয়েল ইনষ্টাগ্ৰামত এটা পোষ্ট লিখিছিল। পোষ্টত লিখিছিল, ‘‘মই তোমাক সুখত ৰাখিব বিচাৰো, কিয়নো তোমাৰ বাবেই মই সুখত থাকো।’’ আনহাতে, ঈশা নেগীয়ে ঋষভৰ সৈতে ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছিল, ‘‘মোৰ মানুহজন, মোৰ বন্ধু, মোৰ জীৱনৰ প্ৰেম।’’
বলীউদৰ অভিনেত্ৰী ঊৰ্বশী নিজৰ লুকৰ বাবে প্ৰায়ে চৰ্চাত থাকে। প্ৰায়ে ঊৰ্বশীয়ে নিজৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|