মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »‘প্লিজ মোৰ কাষলৈ ঘূৰি আহা’ – সুশান্ত সিং ৰাজপুতৰ মৃত্যুবাৰ্ষিকীত ৰিয়া চক্ৰৱৰ্তীৰ আবেগিক পোষ্ট

‘প্লিজ মোৰ কাষলৈ ঘূৰি আহা’ – সুশান্ত সিং ৰাজপুতৰ মৃত্যুবাৰ্ষিকীত ৰিয়া চক্ৰৱৰ্তীৰ আবেগিক পোষ্ট

সুশান্তৰ মৃত্যুবাৰ্ষিকীত এটা ইনষ্টা পোষ্টৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰিছে ৰিয়াই।

সুশান্তৰ মৃত্যুবাৰ্ষিকীত এটা ইনষ্টা পোষ্টৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰিছে ৰিয়াই।

সুশান্তৰ মৃত্যুবাৰ্ষিকীত এটা ইনষ্টা পোষ্টৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰিছে ৰিয়াই।

  • Share this:
বলীউদৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty)য়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যুবাৰ্ষিকীত তেওঁক স্মৰণ কৰি নিজৰ ইনষ্টাগ্ৰামত এক আবেগিক পোষ্ট লিখিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ১৪ জুনত মৃত্যু হৈছিল সুশান্তৰ। মুম্বাইৰ ফ্লেটত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ। ৰিয়া চক্ৰৱৰ্তী সুশান্তৰ প্ৰেমিকা আছিল। সুশান্তৰ মৃত্যুবাৰ্ষিকীত এটা ইনষ্টা পোষ্টৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰিছে ৰিয়াই।

ৰিয়াই পোষ্টটোত লিখিছে, ‘এনেকুৱা কোনো ক্ষণ নাই, য’ত মোৰ বিশ্বাস হৈছে যে তুমি কাষত নাই। তেওঁ কৈছিল যে সময়ে সকলো ঠিক কৰি দিয়ে, কিন্তু তুমি মোৰ সময় আৰু মোৰ সকলো আছিলা। মই জানো যে এতিয়া তুমি মোৰ অভিভাৱক দেৱদূত – মোক নিজৰ দূৰবীনেৰে চন্দ্ৰৰ পৰা চাই আছা আৰু মোক সুৰক্ষা দিছা। মই প্ৰতিদিনে তোমালৈ অপেক্ষা কৰো তুমি মোক নিবলৈ আহিবা বুলি, সকলো ঠাইতে মই তোমাক বিচাৰি ফুৰো।’



ৰিয়া আৰু লিখিছে, ‘মই জানো যে তুমি মোৰ সৈতেই আছা। যেতিয়া মই ভাবো যে তুমি নাই, মোৰ শৰীৰত ভাৱনাৰ বান আহে। এয়া লিখিবলৈ মোৰ দুখ লাগিছে। তোমাৰ অবিহনে কোনো জীৱন নাই, তুমি ইয়াৰ অৰ্থ লগত লৈ গ’লা। এই শূন্যতা পূৰণ কৰিব  নোৱাৰি। তোমাৰ অবিহনে মই থিয় হৈ আছো।... মোৰ মৰমৰ ছানছাইন বয়, প্লিজ মোৰ কাষলৈ ঘূৰি আহা। আই মিছ ইউ মাই বেষ্ট ফেৰণ্ড, মাই মেন, মাই লাভ।’

শেহতীয়া বাতৰি