সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা চৰ্চালৈ আহিছে বহু কথা। মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে চলাই থকা তদন্তত উন্মোচিত হৈছে বহু তথ্য। কিছুদিনৰ আগতে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে গৃহমন্ত্ৰীলৈ পত্ৰ লিখি জনাইছিল যে, সুশান্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইৰ হাতত অপৰ্ণ কৰিব লাগে। কিন্তু তেনে সময়তে পোহৰলৈ আহিছে আন এক আশ্বৰ্যজনক তথ্য।
সুশান্তৰ মৃত্যুৰ পিছৰ পৰা প্ৰায় ৩০ জন লোকক জেৰা কৰিছে মুম্বাই আৰক্ষীৰ তদন্তকাৰী দলে। আৰু প্ৰেয়সী ৰিয়াক জেৰা কৰাৰ সময়ত পোহৰলৈ আহিছিল যে, সুশান্তৰ টকা প্ৰায়ে খৰচ কৰিছিল ৰিয়াই। অৰ্থাত্ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ পৰা নিয়মিত বজাৰ কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে। কিন্তু সৰ্বমুঠ কিমান টকা খৰচ কৰিছিল সেই কথা জনোৱা নাই মুম্বাই আৰক্ষীয়ে।
কেৱল ইমানেই নহয়, যোৱা বছৰ ইউৰোপ ভ্ৰমণলৈ গৈছিল ৰিয়া। আৰু তেতিয়াও আৰ্থিক ভাবে সহায় কৰিছিল সুশান্তই। সুশান্তৰ কাৰ্ডৰ পিন নম্বৰ পৰ্যন্ত আছিল ৰিয়াৰ ওচৰত। আনহাতে মাজে মাজে সুশান্তৰ ক্ৰেডিট, ডেৱিট কাৰ্ড ৰিয়াৰ হাততেই থাকে। শুকুৰবাৰে পুনৰবাৰ জেৰাৰ সন্মুখীন হয় ৰিয়া চক্ৰৱৰ্তী।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 20, 2020, 15:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।