মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »সুশান্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তীৰ আৱেগভৰা পোষ্ট! ক'লে মনৰ কথা

সুশান্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তীৰ আৱেগভৰা পোষ্ট! ক'লে মনৰ কথা

১৪ জুনত সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ পূৰ্বেই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ক'লে মনৰ কথা।

১৪ জুনত সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ পূৰ্বেই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ক'লে মনৰ কথা।

১৪ জুনত সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ পূৰ্বেই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ক'লে মনৰ কথা।

  • Share this:
টিভি ধাৰাবাহিকেৰে দৰ্শকৰ মন জয় কৰি বলীউদত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ বিয়োগৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পথত। এই বছৰজোৰা সময় সুশান্তৰ পৰিয়াল আৰু অনুৰাগীসকলৰ বাবে বেদনাদায়ক সময় নাছিল। তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বাবেও কঠিন আছিল এই সময়, কিয়নো সুশান্তৰ মৃত্যুৰ পিছতেই বিতৰ্কত সোমাই পৰা ৰিয়া কাৰাগাৰলৈও যাবলগীয়া হৈছিল।

সুশান্তৰ মৃত্যুৰ লগতে ড্ৰাগছৰ গোচৰত ৰিয়াৰ নাম পোহৰলৈ অহাৰ পিছতে ছচিয়েল মিডিয়াত সক্ৰিয়তা হ্ৰাস পাইছে ৰিয়াৰ। আৰু এতিয়া কোনো বিশেষ সময়তহে কেতিয়াবা কোনো পোষ্ট শ্বেয়াৰ কৰা দেখা যায় অভিনেত্ৰীগৰাকীক। শেহতীয়াকৈ সুশান্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ পূৰ্বে ৰিয়াই এটা পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে, যি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে সম্প্ৰতি ৰিয়া চক্ৰৱৰ্তীয়ে সকলো কথা পাহৰি জীৱনত আগবাঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু লাহে লাহে স্বাভাৱিক জীৱনলৈ উভতিবলৈ লৈছে ৰিয়া। সেয়েহে ১৪ জুনত সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ পূৰ্বেই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ক'লে মনৰ কথা।

অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "ডাঙৰ ডাঙৰ দুখে যথেষ্ট শক্তি প্ৰদান কৰে। আপুনি কেৱল মোক বিশ্বাস কৰিব লাগিব, তাত ৰৈ থাকিব লাগিব। মৰম - ৰিয়া।

ৰিয়া চক্ৰৱৰ্তীৰ এই পোষ্টটোৱে তেওঁৰ অনুৰাগীসকলৰ উপৰিও সকলো চেলিব্ৰেটীৰে দৃষ্টি কাঢ়িছে। সেয়েহে সকলোৱে পোষ্টটোত কমেণ্ট কৰাও পৰিলক্ষিত হৈছে। য'ত ৰিয়াৰ আটাইতকৈ ভাল বন্ধু ভি জে অনুষা দাণ্ডেকাৰে লিখিছিল - 'মাই গাৰ্ল'। একে সময়তে আন এগৰাকী অনুৰাগীয়ে লিখিছিল, "ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আপুনি কোনো কাৰণ নোহোৱাকৈ বহুত কষ্ট পাইছে। ঈশ্বৰে আপোনাক আৰু আপোনাৰ পৰিয়ালক শক্তিশালী কৰক।"

ইপিনে সুশান্তৰ একাংশ অনুৰাগীয়েও ৰিয়াৰ পোষ্টত কমেণ্ট কৰি কয় যে, পাপ আৰু পূণ্যৰ সিদ্ধান্ত ইয়াতেই লোৱা হয়। গতিকে তেওঁলোকৰ ক্ষেত্ৰতো একেই ঘটিব।

লক্ষণীয় যে, ৰিয়াক তেওঁৰ পৰিৱৰ্তী ছবি 'চেহৰে'ত দেখিবলৈ পোৱা যাব। ছবিখনত ৰিয়াৰ লগত অমিতাভ বচ্চন আৰু ইমৰান হাছমীকো দেখিবলৈ পোৱা যাব।

শেহতীয়া বাতৰি