সুশান্তৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি অমিত শ্বাহলৈ পত্ৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ, ছচিয়েল মিডিয়াত ট্ৰ’ল

News18 Assam | News18-Assam
Updated:July 16, 2020, 9:37 PM IST
সুশান্তৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি অমিত শ্বাহলৈ পত্ৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ, ছচিয়েল মিডিয়াত ট্ৰ’ল
ছচিয়েল মিডিয়াত ট্ৰ’ল

ছচিয়েল মিডিয়াত ট্ৰ’ল

  • Share this:
মাত্ৰ ৩৪ বছৰ বসয়তে চিৰদিনৰ বাবে আঁতৰি গ’ল বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত। সুশান্তৰ মৃত্যুৰ পিছতে এতিয়া পোহৰলৈ আহিছে বলীউদৰ ভিতৰচঁৰাৰ বহু গোপন কথা।

এতিয়া চলি আছে সুশান্তৰ মৃত্যুৰ তদন্ত। আৰক্ষীয়ে ইতিমধ্যে বলীউদৰ বহু তাৰকাক কৰিছে সোধা-পোছা। বিহাৰৰ থানাত গোচৰ ৰুজু হৈছে ছলমান খান, আদিত্য চোপ্ৰা সহ ৮গৰাকী বলীউদৰ কলা কৌশলীৰ বিৰুদ্ধে।










View this post on Instagram





Respected @amitshahofficial sir , I’m sushant Singh Rajputs girlfriend Rhea chakraborty, it is now over a month since his sudden demise . I have complete faith in the government , however in the interest of justice , I request you with folded hands to initiate a CBI enquiry into this matter . I only want to understand what pressures prompted Sushant to take this step. Yours sincerely Rhea Chakraborty #satyamevajayate


A post shared by Rhea Chakraborty (@rhea_chakraborty) on






তাৰ মাজতে এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ সুশান্তৰ মৃত্যুৰ তদন্ত বিচাৰি পত্ৰ লিখিলে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে।



ৰিয়াই লিখিছে যে, ‘শ্ৰদ্ধাৰ অমিত শ্বাহ চাৰ, মই সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী। তেওঁৰ মৃত্যু এতিয়া এমাহ পাৰ হৈ গ’ল। মোৰ চৰকাৰৰ ওচৰত সম্পূৰ্ণ আস্থা আছে। আপোনাক অনুৰোধ জনাইছো যে, সুশান্তৰ মৃত্যুৰ চিবিআই তদন্ত দিয়ক। মই মাত্ৰ জানিব বিচাৰো, কি মানসিক চাপ লৈ সুশান্তই এই সিদ্ধান্ত ল’লে।’
Published by: Himangshu Bhuyan
First published: July 16, 2020, 9:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading