‘মাৰ আগৰ পৰাই বৰ Attitude Problem’–ৰাণু মণ্ডলক ট্ৰ’ল কৰা দেখি দুখ প্ৰকাশ জীয়ৰীৰ

News18 Assam | News18-Assam
Updated:November 30, 2019, 10:07 AM IST
‘মাৰ আগৰ পৰাই বৰ Attitude Problem’–ৰাণু মণ্ডলক ট্ৰ’ল কৰা দেখি দুখ প্ৰকাশ জীয়ৰীৰ
ৰাণু মণ্ডলৰ জীয়ৰীয়ে নিজৰ মাকক ছচিয়েল মিডিয়াত ট্ৰ’ল কৰা সকলক দিছে বিশেষ উত্তৰ

ৰাণু মণ্ডলৰ জীয়ৰীয়ে নিজৰ মাকক ছচিয়েল মিডিয়াত ট্ৰ’ল কৰা সকলক দিছে বিশেষ উত্তৰ

  • News18 Assam
  • Last Updated: November 30, 2019, 10:07 AM IST
  • Share this:
ছচিয়েল মিডিয়াত চৰ্চিত  নাম ৰাণু মণ্ডল। ৰে’ল ষ্টেচনত গীত গাই বলীউদলৈকে যাত্ৰা, অনুৰাগীক ৰাজহুৱা তাচ্ছিল্য, অনুষ্ঠানৰ মাজত অপ্ৰাসংগিক প্ৰশ্ন কৰি ৰাণু মণ্ডল তীব্ৰ সমালোচনাৰ সন্মুখীনো হৈ আহিছে। বিভিন্নজনে ছছিয়েল মিডিয়াত ট্ৰ’ল কৰিছে ৰাণু মণ্ডলক। ৰাণুক এনেদৰে সমালোচনা, ট্ৰ’ল কৰাৰ সন্দৰ্ভত এইবাৰ বিশেষ মন্তব্য প্ৰকাশ কৰিছে ৰাণুৰ জীয়ৰী এলিজাবেথে।

দৰাচলতে, কিছুদিন পূৰ্বে ৰাণু মণ্ডলে বেছিকৈ মেকআপ কৰা ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। বিভিন্নজনে ৰাণুক সেই ৰূপত দেখি চৰম তাচ্ছিল্ল্য কৰিছিল। নিজৰ মাতৃক হকে বিহকে ট্ৰ’ল কৰাত এতিয়া অত্যন্ত দুখ পাইছে জীয়ৰী এলিজাবেথে।

এলিজাবেথে কয় যে, ‘ মাক এনেদৰে ট্ৰ’ল কৰা দেখি দুখ পাইছো। মাতৃৰ লগতে এতিয়া মোকো বিভিন্ন ঠাইত বহুতে ইতিকিং কৰে। এলিজাবেথে লগতে কয় যে, মাৰ আগৰ পৰাই এটিটিউড প্ৰবলেম আছে। যাৰ কাৰণে তেওঁ বিভিন্ন সময়ত বহু সমস্যাত পৰিছে। দীৰ্ঘ দিনৰ কষ্ট, যুঁজৰ পিছত এতিয়া মায়ে কিছু সফলতা লাভ কৰিছে। কিন্তু মাৰ সফলতাত এতিয়া বিভিন্নজনে ট্ৰ’ল কৰিছে, যি অত্যন্ত কষ্টদায়ক।
আৰু চাওক পৰৱৰ্তী বাতৰি