অজয় দেৱগনলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

অজয় দেৱগনৰ পিতৃ,বলিউডৰ বিশিষ্ট একচন ডাইৰেক্টৰ বীৰু দেৱাগনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

news18assam
Updated:June 2, 2019, 5:21 PM IST
অজয় দেৱগনলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
অজয় দেৱগনৰ পিতৃ,বলিউডৰ বিশিষ্ট একচন ডাইৰেক্টৰ বীৰু দেৱাগনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
news18assam
Updated: June 2, 2019, 5:21 PM IST
কেইদিনমান পূৰ্বে বলিউডৰ অভিনেতা অজয় দেৱগনৰ পিতৃ তথা বলিউডৰ বিশিষ্ট একচন ডাইৰেক্টৰ বীৰু দেৱগনৰ মৃত্যু হ’ল। বীৰু দেৱগনৰ মৃত্যুৰ পিছতেই অজয় দেৱগনৰ ঘৰত উপস্থিত হৈছিল বলিউডৰ বহু আগশাৰীৰ অভিনেতা অভিনেত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পত্ৰৰ জৰিয়তে বীৰু দেৱগনৰ মৃত্যুত কৰিলে শোকপ্ৰকাশ। অজয় দেৱগনলৈ পত্ৰৰ জৰিয়তে শোকবাৰ্তা প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। পিছত নিজৰ টুইটাৰ একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে অজয় দেৱগনে।



প্ৰধানমন্ত্ৰীয়ে ২৮ মে তাৰিখে বীৰু দেৱগনৰ পত্নী বীনা দেৱগন আৰু পুত্ৰ অজয় দেৱগনৰ নামত পত্ৰ প্ৰেৰণ কৰে। পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বীৰু দেৱগনৰ মৃত্যু বলিউড ছবি উদ্যোগৰ বাবে আপুৰুগীয়া ক্ষতি বুলি উল্লেখ কৰে। পিছত শোকবাৰ্তা প্ৰেৰণৰ বাবে প্ৰধানমন্ত্ৰীক  পৰিয়ালৰ হৈ ধন্যবাদ জনালে অভিনেতা অজয় দেৱগনে।

আৰু চাওক পৰৱৰ্তী বাতৰি