HBD: ৫০০ টকা লৈ মুম্বাইলৈ অহা দিশা পাটানী এতিয়া ৫ কোটি টকাৰ এপাৰ্টমেণ্টৰ গৰাকী, জন্মদিনত জানক দিশাৰ এই ১০টা কথা

News18 Assam | News18-Assam
Updated:June 13, 2021, 7:00 PM IST
HBD: ৫০০ টকা লৈ মুম্বাইলৈ অহা দিশা পাটানী এতিয়া ৫ কোটি টকাৰ এপাৰ্টমেণ্টৰ গৰাকী, জন্মদিনত জানক দিশাৰ এই ১০টা কথা
চিনেমাৰ উপৰি দিশা পাটানীৰ প্ৰেমক লৈও চৰ্চা চলা দেখা যায়।

চিনেমাৰ উপৰি দিশা পাটানীৰ প্ৰেমক লৈও চৰ্চা চলা দেখা যায়।

  • Share this:
বলীউদত নিজৰ সুন্দৰ লুকছ আৰু প্ৰতিভাৰ বলত এক সুকীয়া পৰিচয় লাভ কৰা অভিনেত্ৰী দিশা পাটানী (Disha Patani)ৰ আজি জন্মদিন। দিশাৰ জন্ম ১৩ জুন ১৯৯২ত হৈছিল। আজি ২৯সংখ্যক জন্মদিনত জানো আহক দিশাৰ এনেকুৱা ১০টা কথা, যিবোৰ হয়তো আপুনি এতিয়ালৈ নাজানে।

১. দিশা পাটানীৰ জন্ম ১৩জুন ১৯৯২ত উত্তৰাখণ্ডৰ পিথোৰাগড়ত হৈছিল। পিছত দিশাই উত্তৰ প্ৰদেশৰ বৰেলীত পৰিয়ালৰ সৈতে থাকিবলৈ লয়। তেওঁৰ পিতৃৰ নাম জগদীশ সিং পাটানী। জগদীশ পাটানী এগৰাকী ডিএছপি। দিশাৰ এগৰাকী ডাঙৰ ভগ্নীও আছে, নাম খুশবু পাটানী।

২. দিশা পাটানীয়ে এমিটি ইউনিভাৰ্ছিটী, নয়ডাৰ পৰা ইলেকট্ৰনিক ইঞ্জিনিয়াৰিঙত স্নাতক।

৩. দিশা পাটানীয়ে নিজৰ কেৰিয়াৰ এগৰাকী মডেল হিচাপে আৰম্ভ কৰিছিল। তেওঁ ২০১৩ চনত পণ্ডছ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম ৰানাৰ আপৰ সন্মান লাভ কৰিছিল। ইয়াৰ পিছত দিশাৰ চিনাকি বাঢ়িবলৈ লয়। দিশাই কেডবেৰী ডেইৰী মিল্কৰো প্ৰচাৰ কৰিছে।

৪. দিশাই ছবি জগতত খোজ পেলাইছিল ২০১৫ চনত দক্ষিণ ভাৰতৰ প্ৰখ্যাত পৰিচালক পুৰী জগন্নাথৰ ছবি ‘লোফাৰ’ৰ জৰিয়তে। তাত বৰুণ তেজৰ সৈতে দেখা গৈছিল দিশাক। এই ছবিত দিশাই এগৰাকী হাইদৰাবাদী যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।

৫. দিশা পাটানীয়ে ২০১৬ চনত ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ ওপৰত আধাৰিত বায়’পিক ‘এম এছ ধোনী দ্য আনট’ল্ড ষ্টৰী’ত কাম কৰাৰ সুবিধা লাভ কৰে। ছবিখনত তেওঁ নহেন্দ্ৰ সিং ধোনীৰ প্ৰথম প্ৰেমিকা ‘প্ৰিয়ংকা’ৰ চৰিত্ৰ ৰূপায়ণ কৰে। এই ছবিখনত তেওঁক সুশান্ত সিং ৰাজপুতৰ সৈতে দেখা গৈছিল।

৬. দিশা পাটানীক ‘এম এছ ধোনী দ্য আনট’ল্ড ষ্টৰী’ৰ বাবে স্ক্ৰীণ এৱাৰ্ডৰ বেষ্ট ডেব্যু এৱাৰ্ড দিয়া হৈছিল।

৭. চিনেমাৰ উপৰি দিশা পাটানীৰ প্ৰেমক লৈও চৰ্চা চলা দেখা যায়। দিশা পাটানীৰ প্ৰথম প্ৰেম টিভি জগতৰ অভিনেতাৰ সৈতে আছিল। এটা সময়ত দিশা পাটানীয়ে টিভিৰ জনপ্ৰিয় অভিনেতা পাৰ্থ ছমথানৰ সৈতে ডেট কৰিছিল। কোৱা হয় যে মডেলিং কৰাৰ সময়ত দিশাই প্ৰায় ১ বছৰ পাৰ্থ ছমথানৰ সৈতে সম্পৰ্কত আছিল। তাৰ পিছত দুয়োৰে ব্ৰেকআপ হয়।

৮. কোৱা হয় যে পাৰ্থৰ সৈতে ব্ৰেকআপৰ পিছত অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক চলি আহিছে দিশাৰ। কিন্তু এতিয়ালৈ এই সম্পৰ্কক লৈ কোনো এগৰাকীয়ে স্পষ্ট কৰা নাই।

৯. ৰিপ’ৰ্ট অনুসৰি, দিশাই মুম্বাইলৈ কেৱল ৫০০ টকা লৈ আহিছিল। দিশাই কৈছিল – মই অকলে আছিলো আৰু কাম কৰিছিলো, কিন্তু কেতিয়াও পৰিয়ালৰ পৰা সহায় বিচৰা নাছিলো।

১০. দিশাৰ মুম্বাইৰ বান্দ্ৰাত নিজৰ ঘৰ আছে। তেওঁ এই নতুন এপাৰ্টমেণ্টটো ২০১৭ চনত নিজকে উপহাৰ দিছিল। দিশাৰ এই ঘৰটোৰ নাম ‘লিটিল হট’। ইয়াৰ মূল্য ৫ কোটি টকা।
Published by: Sanjay Kumar Das
First published: June 13, 2021, 7:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি