টলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ বিস্ফোৰণ। অৱশেষত স্বামী নিখিলৰ পৰা নুছৰতে দূৰত্ব বজাই অহা বুলি প্ৰচাৰিত বাতৰিক লৈ মুখ খুলিলে অভিনেত্ৰী তথা সাংসদগৰাকীয়ে। এইবাৰ ভাৰতীয় আইনৰ দোহাই দি নিজৰ বিবাহক অবৈধ বুলি ক'লে নুছৰতে।
নিজৰ বিবাহিত জীৱনক লৈ নীৰৱতা ভংগ কৰি সাংসদ তথা অভিনেত্ৰীগৰাকীয়ে কয় এনেদৰে, "যিহেতু মোৰ আৰু নিখিল জৈনৰ মাজৰ বিবাহ তুৰ্কী আইনৰ অধীনত অনুষ্ঠিত হৈছিল সেয়েহে আমাৰ এই বিবাহ ভাৰতীয় আইনৰ মতে বৈধ নহয়।"
জানিব পৰা মতে, যোৱা ৬ মাহ ধৰি তেওঁৰ স্বামীৰ পৰা পৃথকে বাস কৰি আছে নুছৰত জাহানে। আৰু এই মুহূৰ্তত তেওঁ গৰ্ভৱতী বুলি কোৱা হৈছে যদিও তেওঁৰ স্বামী এই সম্পৰ্কে জ্ঞাত নহয়।
২০১৯ চনত নিখিল জৈনৰ সৈতে তুৰ্কীত বিবাহপাশত আৱদ্ধ হোৱা নুছৰতে নিজৰ বিবাহৰ এই বিষয়টোৰ ওপৰত এক বিবৃতি জাৰি কৰি সকলো উৰাবাতৰিৰ অন্ত পেলায়।
নুছৰতে নিখিল জৈনৰ সৈতে নিজ বিবাহক অবৈধ বুলি অভিহিত কৰি বিবৃতিত কয়, "তুৰ্কী বিবাহ আইন অনুসৰি বিদেশৰ মাটিত অনুষ্ঠিত কৰা হোৱা বাবে এই বিবাহ অনুষ্ঠান অবৈধ। তদুপৰি যিহেতু ই এক আন্তঃধৰ্মীয় আছিল, সেয়েহে এই বিবাহক ভাৰতৰ "বিশেষ বিবাহ আইন"ত স্বীকৃতৰ প্ৰয়োজন, যি এতিয়ালৈকে হোৱা নাই। আইনৰ আধাৰত এই বিবাহ বৈধ নহয়, যদিও ই এক 'সম্পৰ্ক' বা 'লিভ-ইন-ৰিলেচনশ্বিপহে'। তেনেস্থলত বিবাহ বিচ্ছেদ লোৱাৰ প্ৰশ্নই নুঠে।"
নুছৰতে লগতে কয়, "বহু সময় পূৰ্বেই আমাৰ বিচ্ছেদ হৈছে, কিন্তু মই এই বিষয়ে কথা পতা নাছিলো কাৰণ মই মোৰ ব্যক্তিগত জীৱন ব্যক্তিগত কৰিয়েই ৰাখিব বিচাৰিছিলো। সেয়েহে মোৰ কথাক আমাৰ পৃথকীকৰণৰ সৈতে সংযুক্ত কৰি কোনেও মোক বিচাৰ কৰা উচিত নহয়। যি বিবাহৰ কথা কৈ থকা হৈছে, তাৰ কোনো মান্যতা নাই আৰু ইয়াৰ বাবে আইনৰ দৃষ্টি ই বিবাহেই নহয়।"
নুছৰটে বিবৃতিটোত এয়াও স্পষ্ট কৰি দিছিল যে তেওঁ নিজৰ লগতে পৰিয়ালৰ সকলো প্ৰয়োজনীয়তা নিজেই পূৰণ কৰি আহিছে আৰু ইয়াৰ বাবে তেওঁ কাৰো পৰা ধন নলয়।
ইপিনে নুছৰতে স্বামী নিখিলৰ পৰা ধন লোৱাৰ বাতৰি বিয়পি পৰাক লৈ কয় এনেদৰে, "যিয়ে নিজকে 'ধনী' বুলি দাবী কৰিছে আৰু 'মই তেওঁক ব্যৱহাৰ কৰিছিলো'বুলি দাবী কৰিছে, দৰাচলতে তেৱেঁই পৃথক হোৱাৰ পিছত নিশাৰ আন্ধাৰত মোৰ বেংক একাউণ্টৰ পৰা অবৈধভাৱে ধন উলিয়াইছিল। যি তথ্য মই বেংক কৰ্তৃপক্ষক দি থৈছো, লগতে শীঘ্ৰে ইয়াৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিম।"
https://hindi.news18.com/news/entertainment/bollywood-nusrat-jahan-says-marriage-with-nikhil-jain-is-invalid-in-india-read-her-full-statement-noddv-3615695.html
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|