এইবাৰ নুছৰতক লৈ নিখিল জৈনৰ বিস্ফোৰণ, ক'লে – নুছৰতৰ মূৰত আছিল বৃহৎ ঋণৰ বোজা, বিবাহ ৰেজিষ্টাৰ কৰাত বাধা দি আহিছিল নুছৰতে

News18 Assam | News18-Assam
Updated:June 11, 2021, 10:28 AM IST
এইবাৰ নুছৰতক লৈ নিখিল জৈনৰ বিস্ফোৰণ, ক'লে – নুছৰতৰ মূৰত আছিল বৃহৎ ঋণৰ বোজা, বিবাহ ৰেজিষ্টাৰ কৰাত বাধা দি আহিছিল নুছৰতে
নুছৰত জাহানৰ স্বামী নিখিল জৈনৰ ভাষ্য- "আমি স্বামী-স্ত্ৰীৰ দৰে আছিলো আৰু সমাজত নিজকে তেনেদৰেই পৰিচয় দিছিলো।’’

নুছৰত জাহানৰ স্বামী নিখিল জৈনৰ ভাষ্য- "আমি স্বামী-স্ত্ৰীৰ দৰে আছিলো আৰু সমাজত নিজকে তেনেদৰেই পৰিচয় দিছিলো।’’

  • Share this:
নিজৰ বিবাহ আৰু গৰ্ভৱস্থাক লৈ সম্প্ৰতি চৰ্চাত আছে টলীউদ অভিনেত্ৰী তথা তৃণমূলৰ সাংসদ নুছৰত জাহান। নিখিল জৈনৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা নুছৰতৰ বিবাহক লৈ বিগত কিছু সময় ধৰি চলি অহা ভিন্ন বাতৰিক লৈ শেহতীয়াকৈ সকলো মুকলিকৈ কৈছিল অভিনেত্ৰীগৰাকীয়ে। নিজৰ বিবাহক অবৈধ বুলি কোৱাৰ লগতে স্বামী নিখিলৰ বিৰুদ্ধেও ধন শৰাধকে আদি কৰি ভিন্ন অভিযোগ উত্থাপন কৰিছিল নুছৰতে।

আৰু নুছৰতৰ এই কাণ্ডৰ পিছতে এইবাৰ মুখ খুলিছে স্বামী নিখিল জৈনে। নিজৰ পক্ষ ৰাখি নিখিল এক বিবৃতিত লিখিছে - ভাল পোৱা নাছিল, ইয়াৰ পিছতো মই নুছৰতক প্ৰপোজ কৰিছিলো, তেওঁ আনন্দ মনেৰে আঁকোৱালি লৈছিল। আমি স্বামী-স্ত্ৰীৰ দৰে আছিলো আৰু সমাজত নিজকে তেনেদৰেই পৰিচয় দিছিলো। মই মোৰ সময় আৰু মোৰ অন্যান্য বস্তু এগৰাকী স্বামীৰ দৰেই ব্যয় কৰিছিলো। পৰিয়াল আৰু বন্ধুবৰ্গ সকলোৱে জানে মই নুছৰতৰ বাবে কি কৰা নাছিলো। কিন্তু বিবাহৰ কিছু সময় পিছতে বিবাহিত জীৱনক লৈ তেওঁ সলনি হৈছিল।"

ইপিনে বেংকৰ পৰা ধন শৰাধকে আদি কৰি নিখিল বিৰুদ্ধে নুছৰতে উত্থাপন কৰা সকলো অভিযোগক নস্যাৎ কৰে নিখিলে। তেওঁ কয় যে এয়া নিৰাশাজনক, বিবাহৰ পিছতে নুছৰতৰ মূৰত গৃহ ঋণৰ ওপৰত বৃহৎ সূতৰ বোজা পৰিছিল। মই যিমান সোনকালে পাৰি তেওঁক এই বস্তুবোৰৰ পৰা পৰিত্ৰাণ দিব বিচাৰিছিলো। গতিকে মই মোৰ পৰিয়ালৰ একাউণ্টৰ পৰা তেওঁলোকৰ একাউণ্টলৈ টকা স্থানান্তৰ কৰিছিলো। যি মই মানবীয়তাৰ খাতিৰত দিছিলো আৰু এতিয়াও বহু কিস্তি পৰিশোধ কৰা হোৱা নাই।

নিখিল জৈনে লগতে কয়, নুছৰতৰ দ্বাৰা উত্থাপিত সকলো অভিযোগ অপমানজনক আৰু মিছা। যেতিয়া তেওঁৰ আউটিঙৰ বিষয়ে জানিছিলো মই যথেষ্ট ভাগি পৰিছিলো আৰু অনুভৱ কৰিছিলো যেন মোক প্ৰতাৰণা কৰা হৈছে। কোনেও ইয়াৰ প্ৰমাণ বিচৰাৰ প্ৰয়োজন নাই। এটা প্ৰমাণ সদায় মোৰ সৈতে থাকিব আৰু সেয়া হৈছে মোৰ বেংক বিবৃতি আৰু ক্ৰেডিট কাৰ্ড বিবৃতি, যি প্ৰমাণৰ বাবে পৰ্যাপ্ত।

নিখিলে নিজৰ বিবৃতি স্পষ্ট কৰি দিয়ে যে ২০২১ চনৰ ৮ মাৰ্চত তেওঁ নুছৰতৰ বিৰুদ্ধে আলিপুৰৰ অসামৰিক আদালতত বিবাহ বাতিল কৰিবলৈ গোচৰ ৰুজু কৰিছিল। যি এতিয়াও আদালতত বিচাৰাধীন হৈ আছে আৰু সেইবাবেই নিখিলে কোনো বিবৃতি দিয়াৰ পৰা আঁতৰত আছিল বুলি উল্লেখ কৰে।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 10:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি