உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ৰাজ কুন্দ্ৰাৰ গোচৰত আজি এইগৰাকী অভিনেত্ৰীক কৰা হ’ব সোধা–পোছা, মুম্বাই ক্ৰাইম ব্ৰাঞ্চে প্ৰেৰণ কৰিছে চমন

    ৰাজ কুন্দ্ৰাৰ গোচৰত আজি এইগৰাকী অভিনেত্ৰীক কৰা হ’ব সোধা–পোছা, মুম্বাই ক্ৰাইম ব্ৰাঞ্চে প্ৰেৰণ কৰিছে চমন

    মুম্বাই ক্ৰাইম ব্ৰাঞ্চে পুনৰ এবাৰ শাৰ্লিন চোপ্ৰাক সোধা–পোছা কৰিব। ইয়াৰ বাবে অভিনেত্ৰীগৰাকীলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন।

    মুম্বাই ক্ৰাইম ব্ৰাঞ্চে পুনৰ এবাৰ শাৰ্লিন চোপ্ৰাক সোধা–পোছা কৰিব। ইয়াৰ বাবে অভিনেত্ৰীগৰাকীলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন।

    মুম্বাই ক্ৰাইম ব্ৰাঞ্চে পুনৰ এবাৰ শাৰ্লিন চোপ্ৰাক সোধা–পোছা কৰিব। ইয়াৰ বাবে অভিনেত্ৰীগৰাকীলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন।

    • Share this:
    শিল্পা শেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা পৰ্ণগ্ৰাফী গোচৰত (Raj Kundra Pornography Case) ১৯ জুলাৰ পৰা জে’লত আছে। আৰক্ষী জিম্মাৰ পিছত তেওঁ এতিয়া ন্যায়িক জিম্মাত আছে। এই গোচৰত আৰক্ষীয়ে বহু প্ৰমাণ লাভ কৰিছে। পৰ্ণগ্ৰাফী গোচৰত বলীউদ অভিনেত্ৰী শাৰ্লিন চোপ্ৰা (Sherlyn Chopra)ৰো নাম সাঙোৰ খাইছে। শাৰ্লিনে ৰাজ কুন্দ্ৰাৰ ওপৰত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া মুম্বাই ক্ৰাইম ব্ৰাঞ্চে পুনৰ এবাৰ শাৰ্লিন চোপ্ৰাক সোধা–পোছা কৰিব। ইয়াৰ বাবে অভিনেত্ৰীগৰাকীলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন।

    পৰ্ণগ্ৰাফী গোচৰত শাৰ্লিন চোপ্ৰাক পূৰ্বেও আৰক্ষীয়ে সোধা–পোছা কৰিছে। অভিনেত্ৰীগৰাকীৰ দাবী, তেওঁ এই গোচৰত সকলোতকৈ আগতে আৰক্ষীক নিজৰ ভাষ্য প্ৰদান কৰিছে। এতিয়া ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ গ্ৰেপ্তাৰৰ পিছত পুনৰ এবাৰ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে শাৰ্লিনক সোধা–পোছা কৰিব।

    নিউজ এজেন্সী এএনআইৰ টুইট মতে, মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে প্ৰপাৰ্টী ছেলে অভিনেত্ৰী শাৰ্লিন চোপ্ৰালৈ চমন জাৰি কৰিছে আৰু তেওঁক সোধা–পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ শাৰ্লিনে আজি ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব লাগিব।
    Published by:Sanjay Kumar Das
    First published: