• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Family Man Season 2ৰ সফলতাৰ পিছতে দাম বাঢ়িল মনোজ বাজপেয়ীৰ! তৃতীয়টো চিজনৰ বাবে বিচাৰিলে দুগুণ মাচুল...

Family Man Season 2ৰ সফলতাৰ পিছতে দাম বাঢ়িল মনোজ বাজপেয়ীৰ! তৃতীয়টো চিজনৰ বাবে বিচাৰিলে দুগুণ মাচুল...

অভিনেতা মনোজ বাজপেয়ীয়ে ৱেব চিৰিজ 'ফেমিলি মেন' (Family Man)ৰ দ্বিতীয়টো চিজনত সুন্দৰ অভিনয়েৰে দৰ্শক আৰু অনুৰাগীসকলৰ মন জয় কৰিবলৈ সক্ষম হ?

  • Share this:
ৱেব চিৰিজ 'ফেমিলি মেন' (Family Man)ৰ দ্বিতীয় চিজনত কৰা দুৰ্দান্ত অভিনেয়েৰে দৰ্শক আৰু অনুৰাগীসকলৰ মন জয় কৰিছে অভিনেতা মনোজ বাজপেয়ীয়ে। ৪ জুনত মুক্তি দিয়া ৱেবছিৰিজখনৰ দ্বিতীয় চিজনে সকলোৰে মন জয় কৰাৰ লগতে হিট হোৱা পৰিলক্ষিত হৈছে। এই সকলোবোৰৰ মাজতে শেহতীয়াকৈ খবৰ পোৱা গৈছে যে, মনোজ বাজপেয়ীয়ে তেওঁৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এক প্ৰতিবেদন অনুসৰি, অভিনেতাজনে 'ফেমিলি মেন ৩' (Family Man 3)ৰ বাবে তেওঁৰ মাচুল বৃদ্ধি কৰিছে।

বলীউদ হাংগামাৰ এক প্ৰতিবেদন অনুসৰি, এটা সূত্ৰই প্ৰকাশ কৰিছে যে, Family Man দ্বিতীয়টো চিজন হিট হোৱাৰ পিছতে দাম বাঢ়িছে মনোজ বাজপেয়ীৰ আৰু এতিয়া তেওঁ তৃতীয়টো চিজনৰ প্ৰতিটো এপিচডৰ বাবে ২.২৫ৰ পৰা ২.৫০ কোটি টকা দাবী কৰিছে। অভিনেতাজনে অনুভৱ কৰে যে, তেওঁ ইয়াৰ বাবে যোগ্য। যিহেতু তেওঁৰ এগৰাকী মুখ্য অভিনেতা আৰু দৰ্শক তেওঁৰ অভিনয়ৰ বিষয়ে অৱগত। যাৰ বাবে তেওঁ মাচুল বৃদ্ধিৰ দাবী কৰিছে।

প্ৰতিবেদন অনুসৰি, উদ্যোগটোৰ এগৰাকী বিশেষজ্ঞই জনাই যে, অভিনেতাজনে মুঠ ২০.২৫ কোটি টকা বা ২২.৫০ কোটি টকা দাবী কৰিছে। 'দ্য ফেমিলি মেন চিজন ৩'ৰ ৯ টা খণ্ড আছে বুলি ধৰি লৈ মনোজ বাজপেয়ীয়ে এই দাবী কৰিছে। যি চিজন ২ৰ দুগুণতকৈও অধিক মাচুল বুলি জানিব পৰা গৈছে ।
Published by:Himangshu Bhuyan
First published: