ইণ্টাৰনেটৰ পৃথিৱীত চাঞ্চল্য হৈ পৰা ৰাণু মণ্ডলক লৈ এইকেইদিন ছচিয়েল মিডিয়াৰ বতাহ গৰম হৈ আছে। তেওঁৰ সুৰীয়া কণ্ঠই মন্ত্ৰমুগ্ধ কৰিছে দেশবাসীক। লতা মংগেশকাৰৰ এটি গীত ‘য়ে প্যাৰ কা নগমা হ্যে’ ৰেলৱে ষ্টেশ্যনত গোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ ব্যক্তিজনে দিয়াৰ পিছতে ভাগ্য সলনি হৈ পৰিছে ৰাণুৰ। লতা মংগেশকাৰৰ এই জনপ্ৰিয় গীতটো গোৱাৰ বাবেই নিশাটোৰ ভিতৰতে ‘তাৰকা’ৰ শাৰীলৈ উন্নীত হৈছে ৰাণু মণ্ডল। এচামে আনকি তেওঁক লতাজীৰ সৈতেও তুলনা কৰিছিল। শেহতীয়াকৈ ৰাণু মণ্ডলৰ সন্দৰ্ভত মন্তব্য কৰিছে স্বয়ং লতাজীয়ে।
এটা নিউজ এজেন্সীক দিয়া সাক্ষাৎকাৰত লতা মংগেশকাৰে ৰাণু মণ্ডল সন্দৰ্ভত কিছু মতামত প্ৰকাশ কৰিছে। তেওঁ কয়,

যদি মোৰ নাম আৰু কামেৰে কাৰোবাৰ ভাল হৈছে তেনেহ’লে মই নিজকে ভাগ্যশালী অনুভৱ কৰিছো। কিন্তু মই এই কথাও অনুভৱ কৰো যে, নকল কৰি বহু দিনলৈকে মানুহ সফল হৈ থাকিব নোৱাৰে। কিশোৰ দা, মহম্মদ ৰফী, আশা ভোঁসলে আৰু মুকেশৰ গান গাই গায়কসকলে কিছু সময়ৰ কাৰণে মনোযোগ আকৰ্ষণ কৰিলেও এয়া দীঘলীয়া সময় নাথাকে।
Published by: Tulika Devi
FIRST PUBLISHED : September 03, 2019, 16:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।