'মোৰ মুখখন বেয়াকৈ ফুলি গৈছিল আৰু পানী জমা হৈ পৰিছিল', অস্ত্ৰোপচাৰক লৈ মুখ খুলিলে অভিনেত্ৰী কোয়েনা মিত্ৰই

News18 Assam | News18-Assam
Updated:April 27, 2021, 10:14 AM IST
'মোৰ মুখখন বেয়াকৈ ফুলি গৈছিল আৰু পানী জমা হৈ পৰিছিল', অস্ত্ৰোপচাৰক লৈ মুখ খুলিলে অভিনেত্ৰী কোয়েনা মিত্ৰই
কোয়েনাই কৰেকচন অস্ত্ৰোপচাৰ কৰিছিল, যাক ৰাইনোপ্লাষ্টি বুলি কোৱা হয়।

কোয়েনাই কৰেকচন অস্ত্ৰোপচাৰ কৰিছিল, যাক ৰাইনোপ্লাষ্টি বুলি কোৱা হয়।

  • Share this:
বলীউদত অস্ত্ৰোপচাৰ কোনো নতুন কথা নহয়। নিজকে অধিক সুন্দৰ আৰু আকৰ্ষণীয় কৰি তোলাৰ স্বাৰ্থত ভিন্ন ফেচিয়েল অস্ত্ৰোপচাৰৰ সহায় লয় বলীউদৰ অভিনেত্ৰীসকলে। এই অস্ত্ৰোপচাৰৰ ফলত কোনো যদি অধিক আকৰ্ষণীয় হৈ পৰে, আন কোনো আকৌ অস্ত্ৰোপচাৰৰ বিৰূপ প্ৰতিক্ৰিয়াৰ ফলতে ভিন্ন ট্ৰ'লৰো সন্মুখীন হয়।

অস্ত্ৰোপচাৰৰ ফল বেয়াকৈ প্ৰভাৱিত হোৱা বলীউদ অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী হৈছে কোয়েনা মিত্ৰ। অস্ত্ৰোপচাৰে যাৰ মুখ মণ্ডল অধিক বেয়া কৰি তুলিছিল। অলপতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অস্ত্ৰোপচাৰৰ বৰ্ণনা কৰি ক'ত, কি খেলিমেলি হৈছিল সেই বিষয়ে অৱগত কৰে। এই অস্ত্ৰোপচাৰৰ বাবেই অভিনেত্ৰীগৰাকীয়ে বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল।

কোয়েনা মিত্ৰই 'মুছাফিৰ' বোলছবিখনৰ 'চাকি চাকি' গানটোৰ পৰা ষ্টাৰডম লাভ কৰিছিল। BigBoss13ৰ সময়তো কোয়েনাই তেওঁৰ অস্ত্ৰোপচাৰৰ বাবে শিৰোনাম দখল কৰিছিল। জানিব পৰা মতে কোয়েনাই কৰেকচন অস্ত্ৰোপচাৰ কৰিছিল, যাক ৰাইনোপ্লাষ্টি বুলি কোৱা হয়। কিন্তু কোয়েনাৰ অস্ত্ৰোপচাৰৰ অৱনতি ঘটিছিল আৰু তেওঁ যথেষ্ট পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈছিল।

জুম টিভিক দিয়া এক সাক্ষাৎকাৰত কোয়েনাই এই সম্পৰ্কত কৈছিল, 'মোৰ গালৰ হাড়বোৰ বেয়াকৈ প্ৰভাৱিত হৈছিল,বেয়াকৈ ফুলি গৈছিল আৰু মুখখন পানীৰে ভৰি পৰিছিল। ইয়ে মোৰ মুখখন বহু আচৰিত আৰু কুৎচিত কৰি তুলিছিল। সকলোৱে ভাবিবলৈ আৰম্ভ কৰিছিল যে অস্ত্ৰোপচাৰত কোনো সমস্যা আছিল। কিন্তু নহয়, সেয়া আছিল অস্ত্ৰোপচাৰৰ প্ৰতি মোৰ শৰীৰৰ পাৰ্শ্চক্ৰিয়াহে। এয়া কোনো ডাঙৰ ইমপ্লাণ্ট অস্ত্ৰোপচাৰ নাছিল। কৰেকচন অস্ত্ৰোপচাৰহে আছিল, কিন্তু মোৰ শৰীৰে কিছু বেলেগ প্ৰতিক্ৰিয়া দেখুৱাইছিল। যিহেতু এয়া মোৰ প্রথম অভিজ্ঞতা আছিল, যাৰ বাবে মই নাজানিছো শৰীৰে কিদৰে প্ৰতিক্ৰিয়া কৰিব।'

লক্ষ্যণীয় যে, কোয়েনা মিত্ৰৰ অস্ত্ৰোপচাৰক লৈ ভিন্ন চৰ্চা চলিছিল। যাক লৈ গভীৰভাৱে দুখিত হৈ পৰিছিল কোয়েনা। তেওঁ ইয়াক লৈ কৈছিল, 'একো ভুল হোৱা নাছিল। বহু মানুহে একো নজনাকৈ বা অনুসন্ধান নকৰাকৈ বহু কথা কৈ পেলায়। মই সেই সময়ত বহুত সৰু আছিলো, সেয়েহে মই অস্ত্ৰোপচাৰ কৰাৰ আগতে মোৰ শৰীৰে কেনে প্ৰতিক্ৰিয়া দেখুৱাব সেয়া ভালদৰে পৰীক্ষা কৰিছিলো। ৰাইনোপ্লাষ্টি কোনো ডাঙৰ বস্তু নহয়। এয়া অতি সাধাৰণ কথা আৰু আপুনি চিকিৎসকৰ পৰা ইয়াৰ বিষয়ে জানিব পাৰে। তেওঁলোকে আপোনাক জনাব যে কেৱল অভিনেত্ৰীয়েই নহয়, আন ক্ষেত্ৰৰ লোকসকলেও এই অস্ত্ৰোপচাৰ কৰে।
Published by: Sanjay Kumar Das
First published: April 27, 2021, 10:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি