‘কণ্ঠশিল্পী অনুৰাধা পোডৱাল মোৰ মা’– দাবী কৰিলে এগৰাকী মহিলাই, বিচাৰিলে ৫০ কোটি টকাৰ ক্ষতিপূৰণ

News18 Assam | News18-Assam
Updated:January 3, 2020, 4:13 PM IST
‘কণ্ঠশিল্পী অনুৰাধা পোডৱাল মোৰ মা’– দাবী কৰিলে এগৰাকী মহিলাই, বিচাৰিলে ৫০ কোটি টকাৰ ক্ষতিপূৰণ
বলীউদৰ বিশিষ্ট কণ্ঠশিল্পী অনুৰাধা পোডৱালে দখল কৰিছে সংবাদ শিৰোনাম। ছচিয়েল মিডিয়াতো লাভ কৰিছে বিশেষ চৰ্চা

বলীউদৰ বিশিষ্ট কণ্ঠশিল্পী অনুৰাধা পোডৱালে দখল কৰিছে সংবাদ শিৰোনাম। ছচিয়েল মিডিয়াতো লাভ কৰিছে বিশেষ চৰ্চা

  • Share this:
বলীউদৰ বিশিষ্ট কণ্ঠশিল্পী অনুৰাধা পোডৱালে দখল কৰিছে সংবাদ শিৰোনাম। ছচিয়েল মিডিয়াতো লাভ কৰিছে বিশেষ চৰ্চা। কৰমালা মোডেক্স নামৰ কেৰেলাৰ এগৰাকী মহিলাই অনুৰাধা পোডৱালেক নিজৰ মাক বুলি দাবী কৰাৰ লগতে কৰিছে কেত বোৰ বিশেষ মন্তব্য। মহিলাগৰাকীয়ে আনকি অনুৰাধা পোডৱালৰ পৰা ৫০ কোটি টকাৰ ক্ষতিপূৰণো দাবী কৰিছে।

মহিলাগৰাকীয়ে  অনুৰাধা পোডৱালাক নিজৰ মাতৃ বলি দাবী কৰি এতিয়া আদালতৰ কাষ চাপিছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা এক খবৰ অনুসৰি কৰমালাই কয় যে, তেওঁৰ জন্ম হৈছিল ১৯৭৪ চনত। কিন্তু জন্মৰ চাৰি দিনৰ দিনাই অনুৰাধা পোডৱালে তেওঁক অন্য এটা দম্পত্তিৰ হাতত তুলি দিয়ে। কেৱল মাত্ৰ  কেৰিয়াৰ কৰা চিন্তা কৰিৰ লগতে মোৰ জন্মৰ খবৰ গোপনে ৰাখিবলৈকে কেৰেলাৰ দম্পত্তিটোৰ হাতত গটাই দিয়ে কৰমালাক। প্ৰতিপালন কৰা দেউতাকে মহিলাগৰাকীক মৃত্যু পূৰ্বে এইবোৰ কথা কৈছে তেওঁ উল্লেখ কৰে।

কথাবোৰ জনাৰ পিছত কৰমালাই অনুৰাধাক বহুবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও, অনুৰাধাই নস্যাৎ কৰিছিল। ফলত এতিয়া অনুৰাধাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে কেৰেলাৰ ৪৫ বছৰীয়া মহিলাগৰাকী।  ইতিমধ্যে অনুৰাধাৰ কন্যা বুলি নিজকে দাবী কৰা মহিলাগৰাকীৰ ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
আৰু চাওক
পৰৱৰ্তী বাতৰি